খেৰণিঃ কংগ্ৰেছ এৰি পৰিবৰ্তনৰ স্বাৰ্থত বিজেপিলৈ গৈ কাৰ্বি স্বায়ত্ত পৰিষদৰ শাসনৰ গাদী দখল কৰা বিজেপিক পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বাট-পথ শীঘ্ৰে উন্নয়ম কৰাৰ দাবী জনাইছে ৰাইজে৷ কাৰ্বি আংলঙৰ জিলাৰ ২০নং বৈঠালাংছ’ বিধান সভা সমষ্টিৰ অন্তৰ্গত খেৰণি-লামছাখাং গড়কাপ্তানী পথত চলাচল কৰিবৰ অৱস্থা নোহোৱা হোৱাত পাহাৰীয়া জিলাৰ ৰাইজে ব্যাপক সমস্যাত পৰিছে৷

পথটো সুদীৰ্য ১২-১৩ বছৰে মেৰামতি নকৰাত বিধ্বস্ত হৈ পৰিছে৷ শিল-বালি নথকা পথটোত বোকাময় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ পথটোৰ পুখুৰীসদৃশ গাঁতসমুহে সমষ্টিটোৰ উন্নয়ণ আৰু বিকাশৰ প্ৰকৃত ছবি দাঙি ধৰে৷ পথটোত লামছাখাঙৰ পৰা মাত্ৰ ১ কিঃমিঃ দুৰত্বত থকা এটা কালভাৰ্টটো পথৰ পৰা খহি যোৱাৰ পাছতো গুৰুত্ব আৰোপ কৰা নাই চৰকাৰে৷

পথটোৰ কদৰ্যময় অৱস্থাৰ বাবে কাৰ্বি পৰিষদৰ ৭নং কপিলি আৰু ৯নং আমৰেং সমষ্টিৰ ছাত্ৰ-ছাত্ৰী, চাকৰিয়াল, ব্যৱসায়ী, কৃষক জীয়াতু ভুগিবলগীয়া হৈছে৷ আনহাতে ৰোগীক চিকিৎসালয়লৈ নিয়াত ব্যাপক সমস্যাত পৰে ৰাইজ৷ পথটোৰ দুৰৱস্থাৰ বাবে উন্নয়ণ আৰু বিকাশত হেঙাৰ হৈ পৰিব ধৰিছে বুলি ৰাইজে অভিযোগ কৰে৷ স্থানীয় বিধায়ক তথা পৰিষদীয় সদস্যক পথটোৰ মেৰামতিৰ বাবে দাবী জনায় ৰাইজে৷ আজি কাৰ্বি পৰিষদৰ ৭ নং কপিলি আৰু ৯ নং আমৰেং সমষ্টিৰ সাধাৰণ সদস্য পৱন কুমাৰ আৰু ৰীণা টেৰাংপিয়ে পথটো পৰিদৰ্শন কৰে৷ শীঘ্ৰে ৰাইজৰ স্বাৰ্থত জৰাজিৰ্ণ পথটো মেৰামতি কৰাৰ আশ্বাস প্ৰদান কৰে দুয়োগৰাকী সদস্যই৷