এটা অগ্নিকাণ্ডৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্য কাজিৰঙাত,
অগ্নি নিৰ্বাপক বাহিনীৰ ওপৰত ক্ষোভিত জনসাধাৰণ

কাজিৰঙাঃ এক ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰিল কাজিৰঙাৰ দিৰিং বাগিছা প্ৰাথমিক বিদ্যালয়। বৃহস্পতিবাৰে দিনৰ প্ৰায় ১২ :৩০ বজাত দিৰিং বাগিছা প্ৰাথমিক বিদ্যালয়ৰ কাষতে থকা এটা ভঁৰাল ঘৰত হঠাৎ অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। লগে-লগে ভঁৰাল ঘৰটো অগ্নিৰ লেলিহান শিখাই চাৰিওফালৰ পৰা আগুৰি ধৰে। ইপিনে, শ্ৰেণীকোঠাত পাঠ গ্ৰহণ কৰি থকা দিৰিং বাগিছা প্ৰাথমিক বিদ্যালয়ৰ কণ-কণ ছাত্ৰ-ছাত্ৰী সকলে জুই লেলিহান শিখা দেখি আতংকিত হৈ পৰে। লগে-লগে প্ৰধান শিক্ষক আৰু শিক্ষক-শিক্ষয়িত্ৰী সকলৰ তৎপৰতাত ছাত্ৰ-ছাত্ৰী সকল বিদ্যালয়খনৰ পৰা বাহিৰলৈ ওলাই আহে। লগে লগে ভঁৰাল ঘৰটোৰ জুই নুমুৱাবলৈ স্থানীয় ৰাইজ তৎপৰ হৈ পৰে। স্থানীয় ৰাইজে যিয়ে যেনেকৈ পাৰে হাতে-হাতে বাল্টি, ম’গ আদি লৈ জুই নুমুৱাবলৈ চেষ্টা কৰে । ৰাইজৰ তৎপৰতাত অৱশেষত ভঁৰাল ঘৰটোৰ জুই নিৰ্বাপিত হয়। অৱশ্যে, ভঁৰাল ঘৰটোৰ ভিতৰত থকা বৃহৎ পৰিমাণৰ ধান এই জুইত জাহ যায় ৷ উল্লেখযোগ্য যে, অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটা ভঁৰাল ঘৰটো আৰু বিদ্যালয়খনৰ মাজত দূৰত্ব আছিল মাথোঁ ৫০ মিটাৰ।
এক ভয়ংকৰ অগ্নিকাণ্ড তথা বিপদৰ পৰা কথমপি প্ৰাণৰক্ষা পৰে দিৰিং বাগিছা প্ৰাথমিক বিদ্যালয়ৰ এই কণ-কণ ছাত্ৰ-ছাত্ৰী সকলৰ জীৱন । ইপিনে, অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াৰ পিচতো বহু পলমকৈহে আহি ঘটনাস্থলীত উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনীৰ দলটি৷ চোৰ গ’লে বুদ্ধি আৰু বৰষুণ গ’লে জাপি লোৱা অগ্নি নিৰ্বাপক বাহিনীয়ে ৰাইজে জুই নিৰ্বাপন কৰাৰ বহু পাছতহে ঘটনাস্থলীত উপস্থিত হৈ অপ্ৰয়োজনীয়ভাৱে তৎপৰতা দেখুৱাবলৈ চেষ্টা কৰে । দেশী-বিদেশী পৰ্যটকৰ আগমনৰ সময়তে এই অগ্নিকাণ্ডৰ ঘটনাই সমগ্ৰ কাজিৰঙাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।