কাজিৰঙাঃ জীৱন যুদ্ধ বুলি কলে ভুলকৈ কোৱা নহ’ব৷ মাতৃক ওচৰত নাপায় শোকৰ সাগৰত ডুবি থকা এটা বনৰীয়া হাতী পোৱালীৰ আৰ্তনাদে কন্দুৱাইছে বন বিভাগক৷ এমাহৰ পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অটব্য অৰণ্যৰ মাজত মাতৃৰ পৰা বিছিন্ন হৈ পৰিছিল এই কনমানি বনৰীয়া হাতী পোৱালীটো৷ নিজ মাতৃৰ পৰা বিছিন্ন হোৱাৰ পাছতেই অৰণ্যৰ মাজত হাহাকাৰ কৰি ফুৰা হাতী পোৱালীটো অৱশেষত উপস্থিত হৈছিল বাগৰি বনাঞ্চলিক কাৰ্যালয়ৰ সমীপত৷

বিগত এমাহ ধৰি বাগৰি বনাঞ্চলিক কাৰ্যালয়ৰ ওচৰে-পাজৰে ঘূৰি ফুৰা কনমানি হাতী পোৱালীটোক দেখা পাইছিল বনকৰ্মী আৰু পৰ্যটকে৷ কিন্তু বিগত এমাহে মাতৃৰ দুগ্ধৰ পৰা বিছিন্ন হোৱা হাতী পোৱালীটো ক্ৰমাৎ দুৰ্বল হৈ আহিছে৷ অৱশেষত শুকুৰবাৰে পুৱাই দুৰ্বল হাতী পোৱালীটো ঢলি পৰে মাটিত৷ লগে-লগে পশু চিকিৎসকৰ এটা দল বাগৰি বনাঞ্চলিক কাৰ্যালয়ত উপস্থিত হৈ হাতী পোৱালীটোক চিকিৎসা প্ৰদান কৰে যদিও সুস্থ কৰি তুলিবলৈ সক্ষম ন’হল ৷

ইয়াৰ পিছতে এখন বিশেষ বাহনত উঠাই হাতী পোৱালীটোক লৈ অনা হয় কহঁৰা বনাঞ্চললৈ৷ এইবাৰ পুনৰ দুৰ্বল হাতী পোৱালীটোক সুস্থ কৰি তুলিবলৈ পশু চিকিৎসক, বনকৰ্মী আৰু মাওত সকল নামি পৰে৷ পশু চিকিৎসকে কেইবাটাও শক্তিবৰ্ধক বেজি আৰু ঔষধ প্ৰযোগ কৰে যদিও হাতীটোক থিয় কৰাবলৈ সক্ষম ন’হল৷ উল্লেখ্য যে, মাতৃৰ পৰা বিছিন্ন হোৱাৰ পাছতে ঠেং আৰু দেহৰ বহু ঠাইত আঘাট পাইছিল কনমানি বনৰীয়া হাতী পোৱালীটোৱে৷ যাৰ বাবে হাতী পোৱালীটোৰ অৱস্থা অতি সংকটজনক হৈ পৰিছিল৷

ইপিনে, পশু চিকিৎসক আৰু বনকৰ্মীৰ দলটোৱে হাতীটোক উঠোৱাৰ বাবে অৱশেষত এডাল বাহঁ আৰু ৰছীৰ সহায় লব লগীয়া হয়৷ বাঁহ আৰু ৰছীৰ সহায়ত অৱশেষত বাহনৰ পৰা হাতীটোক উলিয়াই আনিবলৈ সক্ষম হয় যদিও ঠিয় কৰাবলৈ সক্ষম ন’হল পশু চিকিৎসক আৰু বনকৰ্মীৰ দলটোৱে৷ পুনৰ মাটিত ঢলি পৰে পোৱালীটো৷ অৱশ্যে, পোৱালীটোক চিকিৎসা প্ৰদান অব্যাহত ৰাখিছে বনবিভাগে৷ হাতী পোৱালীটো থিয় হবলৈ সক্ষম হ’লেই বনবিভাগে মাতৃ হাতীক আনি পোৱালীটোক দুগ্ধপান কৰোৱাৰ চেষ্টা চলাব৷ বনবিভাগৰ মতে দুগ্ধপান কৰিলেই হাতীটো পুনৰ সুস্থ হৈ উঠিব৷ বৰ্তমান মিহিমুখত মাতৃহাৰা হাতী পোৱালীটোক সুস্থ কৰি আন মাতৃ হাতীৰ দুগ্ধপান কৰোৱাৰ প্ৰচেষ্টা চলায় আছে বনবিভাগে৷