তামুলপুৰৰ দ্বাৰকুছিৰ কেকেৰীকুছিত দিন দুপৰতে ধন লুট
পিষ্টল দেখুৱাই দুৰ্বৃত্তই লুটিলে বেংক বিষয়াৰ ধন

তামোলপুৰঃ বাক্সা জিলা তামোলপুৰ থানাৰ অন্তৰ্গত গান্ধীবাৰী আৰক্ষী চকীৰ অধীনৰ কেঁকেৰীকুছি চ'কত আজি দিন দুপৰতে সংঘটিত হোৱা এক ধন লুটৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
জানিব পৰা মতে উত্তৰ-পূৱ ক্ষুদ্ৰ বিত্তীয় বেংকৰ তুলসীবাৰী শাখাৰ দুজন ক্ৰেডিট বিষয়া সোণমনি কলিতা আৰু ভাস্কৰ কলিতাই ঔখাৰী গাঁৱৰ পৰা গোটৰ ঋনৰ কিস্তিৰ ধন সংগ্ৰহ কৰি কেঁকেৰীকুছি গাঁৱৰ মাজেৰে নিজ কাৰ্যালয়লৈ আহি থাকোতে কোনো দুৰ্বৃত্তই বেংক বিষয়া দুজনৰ পৰা এই ধন লুট কৰি নিয়ে ৷ এখন পালচাৰ বাইকত মুখত ক'লা কাপোৰ বান্ধি অহা দুৰ্বৃত্তই এ এছ - ০১ডি এল ৯৭১৬ নম্বৰৰ স্কুটীত আহি থকা বেঙ্ক বিষয়া দুজনক কেকেৰীকুছি চ’কত বাট আগচি ধৰি মৃত্যুৰ ভাবুকি দেখুৱাই টকাৰ বেগটো কাঢ়ি লৈ যুৱক দুজন কেকেৰীকুছি চ'কৰ পৰা অহা বাটেৰে পলায়ন কৰে ৷
বেংকৰ বিষয়া দুগৰাকীয়ে জনোৱা মতে টকাৰ বেগত মাত্ৰ ৮০০০ টকাহে আছিল ৷ বাকী ধন খিনি স্কুটীত লুকুৱাই ৰাখিছিল বাবে দুৰ্বত্তই এই ধন লুট কৰিব নোৱাৰিলে ৷ আনহাতে বেংকৰ ক্ৰেডিট বিষয়া দুগৰাকীয়ে সেই সময়ত ওচৰতে কাম কৰি থকা তিনিজন মানুহৰ লগতে অন্য পথচাৰী ৰাইজৰ সহায় বিচাৰি যদিও কোনো সহাৰি নোপোৱাৰ অভিযোগ উঠিছে। পিছত দৌৰি দৌৰি সোণমনি কলিতা নামৰ মহিলা বেংক কেডিট বিষয়া গৰাকীয়ে নিজৰ প্ৰাণটো বচাবলৈ সক্ষম হয় ৷ আনহাতে ঘটনা ঘটাৰ কিছু সময় পিছতে আৰক্ষীৰ দল উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰু দুৰ্বৃত্তক আটক কৰাৰ বাবে ক্ষীপ্ৰতাৰে তদন্ত আৰম্ভ কৰে ৷ উল্লেখযোগ্য যে ১৯৯৮ চনত উৰুকাৰ নিশা এই কেঁকেৰীকুছিতে দুৰ্বৃত্তই ১৭ গৰাকীলোকক হত্যা কৰিছিল। তেতিয়া ৰাজ্য চৰকাৰে কেঁকেৰীকুছিত এটি আৰক্ষী চকী স্থাপন কৰিছিল ৷ সম্প্ৰতি নিৰাপত্তাহীনতাত ভুগিছে কেঁকেৰীকুছিৰ ৰাইজ ৷ ৰাইজে পুনৰ কেকেৰীকুছিত আৰক্ষী চকীটো স্থাপনৰ দিহা কৰিবলৈ দাবী জনাইছে।
অভিজিৎ তালুকদাৰ, তামুলপুৰ ৩০ অক্টোবৰ