
মাজুলী/যোৰহাটঃ পৰিৱৰ্তন আনি দিব বুলি কৈ সময়ত একো কৰিব নোৱৰাত এফালৰ পৰা ক্ষুব্ধ হৈ পৰিছে ৰাজ্যৰ জনতা। বিশেষকৈ বানত জ্বলা-কলা খোৱা সৰ্বসাধাৰণ ৰাইজক সাহায্য তথা অন্যান্য যাৱতী সা-সুবিধ প্ৰদানত চৰকাৰ সমূলি ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈছে। এনে অভিযোগৰ মাজতে শুকুৰবাৰে মাজুলীত বানাক্ৰান্তৰ ৰোষত পৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত।
প্ৰাপ্ত বাতৰি মতে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি মাজুলীত দুদিনীয়া ভ্ৰমণসূচীৰে বানাক্ৰান্তৰ বুজ ল’বলৈ বুলি আজি দিনৰ ভাগত পদাৰ্পণ কৰে জলসম্পদ মন্ত্ৰীগৰাকীয়ে। তেওঁক সংগ দিয়ে টিংখাঙৰ বিধায়ক বিমল বৰা আৰু নৱগঠিত জিলাখনৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই।
জিলাখনত ভৰি দিয়েই বিভিন্ন সাহায্য শিবিৰ পৰিভ্ৰমণ কৰি বানাক্ৰান্ত সকলৰ দুৰৱস্থাৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে। এনেদৰে সাহায্য শিবিৰ পৰিদৰ্শন কৰি আহি মন্ত্ৰীগৰাকীয়ে নামনি মাজুলীৰ চেলেক অঞ্চলত উপস্থিত হয়। এই চেলেক অঞ্চলত মথাউৰি ছিগাৰ ফলতে সমগ্ৰ নদীদ্বীপ জিলাখন সাগৰ সদৃশ হৈ পৰে।
পিছে উক্ত স্থানলৈ যোৱাৰ পূৰ্বেই এক অনাকাংক্ষিত পৰিৱেশৰ সন্মুখীন হ’বলগীয়াত পৰে মন্ত্ৰীগৰাকী। কিয়নো একাংশ ক্ষুব্ধ বানাক্ৰান্তাই মন্ত্ৰীগৰাকীক বাধা দিবলৈ পথত বাঁহৰ জেং, গছৰ ডাল আদি পেলাই থৈ দিয়ে। বাঁহৰ জেং, গছৰ ডাল আদিৰে পথ অৱৰোধ কৰাত মন্ত্ৰীগৰাকী ৰৈ যাবলৈ বাধ্য হয়। উত্তেজিত বানাক্ৰান্তই জিলা উপায়ুক্তগৰাকীকো অপদস্থ কৰে।
উক্ত অঞ্চলটো প্ৰশাসনে বানাক্ৰান্তক বিশেষ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ তুলিয়েই এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে। পিছত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক ঠেলি-হেচি উক্ত স্থানৰ পৰা আঁতৰাবলৈ চেষ্টা কৰে। উত্তেজিত ৰাইজক ঠেলি-হেচি কোনোমতে মন্ত্ৰীগৰাকীক নিৰাপদে সেই ঠাইৰ পৰা আঁতৰাই লৈ যায় আৰক্ষীয়ে।
এইখিনিলৈ ঠিকেই আছিল যদিও আৰক্ষীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ বাবে জনতাক উত্তেজিত কৰাৰ অভিযোগত মহেন্দ্ৰ দলে আৰু নৱজিত দলেক আটক কৰাত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। লোক দুজনক আটক কৰাত স্থানীয় মহিলাসকল আক্ৰমণাত্মক হৈ পৰে। ক্ষুব্ধ মহিলাসকলে বানাক্ৰান্তক সাহায্য প্ৰদানৰ পৰিৱৰ্তে আটক কৰা চৰকাৰখনক ককৰ্থনা কৰে। একাংশ মহিলাই আৰক্ষীৰ হাতৰ পৰা লোকদুজনক টানি আনিবলৈকো ফেপেৰি পাতি ধৰা পৰিলক্ষিত হয়।
ইফালে দুজনকৈ লোকক আটক কৰাৰ পিছতে অধিক ক্ষুব্ধ হৈ পৰিছে জিলাখনৰ বানাক্ৰান্ত ৰাইজ। মন্ত্ৰীগৰাকীয়ে বানাক্ৰান্তৰ দুৰৱস্থাৰ বুজ ল’বলৈ গৈছে নে বানাক্ৰান্তক জেইলত ভৰাবলৈ গৈছে বুলিও প্ৰশ্ন উত্থাপন কৰিছে। বানাক্ৰান্তক সহায়ৰ পৰিৱৰ্তে বিপদতহে পেলোৱা মন্ত্ৰী-বিধায়ক জিলাখনলৈ যোৱাৰ কোনো প্ৰয়োজন নাই বুলিও একাংশ ক্ষুব্ধ বানাক্ৰান্তই মত প্ৰকাশ কৰিছে।
উল্লেখ্য যে দিন দিয়েক পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো বান বিধ্বস্ত নদী দ্বীপটোত উপস্থিত হৈছিল যদিও বিষয়া-আমোলাসকলক সাক্ষাৎ কৰিয়েই উভতি অহা কাৰ্যক সহজভাৱে ল’ব পৰা নাছিল বানাক্ৰান্তসকলে। ইয়াৰ মাজতে আজি জিলাখনত উপস্থিত হোৱা মন্ত্ৰী কেশৱ মহন্তই সকলো বানাক্ৰান্তই চৰকাৰাৰ তৰফৰ পৰা পৰ্যাপ্ত সা-সুবিধা লাভ কৰা বুলি মন্তব্য কৰাৰ পৰিপ্ৰেক্ষিততে ৰাইজৰ ৰোষত পৰে।