newsnextone.com | খাৰুপেটীয়াঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে মৰিল পুলিচিঙৰ কাণ্ড৷ এইবাৰ শিশু অপহৰণৰ চেষ্টা কৰাৰ অভিযোগত এগৰাকী লোকক মাৰধৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে৷ পুনৰ দৰং জিলাৰ খাৰুপেটীয়াত সংঘটিত হৈছে এই কাণ্ড৷

ৰাজ্যৰ চৌদিশে কিবা এটাই ঘটনা সংঘটিত হলেই মানুহে দৌৰ মাৰি ওলাই আহি উত্তেজিত হৈ পৰে৷ ভয়াবহ ৰূপত মৰেল পুলিচিঙৰ ঘটনা বৃদ্ধি পোৱাত চিন্তিত হৈ পৰিছে ৰাইজ৷ যোৱা কেইবাটাও দিনত সংঘটিত হোৱা কেইবাটাও ঘটনাৰ ফলত সমগ্ৰ ৰাজ্যত উত্তেজনাই বিৰাজ কৰি থকাৰ সময়তে দৰঙৰ খাৰুপেটীয়া নগৰত বুধবাৰে দিন দুপৰতে এজন লোকে পথৰ দাতিত খেলি থকা শিশুক অপহৰণ কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰে ৰাইজে ৷ সেই সময়তে লোকজনক আৱদ্ধ কৰি মাৰধৰ কৰে আৰু আৰক্ষীক চমজাই দিয়ে৷ এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ 

খাৰুপেটীয়া চহৰৰ নেতাজী নগৰত পথৰ দাতিত এটি শিশু খেলি থকা অৱস্থাত এজন লোকে শিশুটিক প্ৰথমে হাতত টকা দিয়ে তাৰ পিছতে শিশুটোক কোলাত তুলি লৈ যোৱাৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰে ৰাইজে৷

অপহৰণৰ চেষ্টা কৰাৰ সময়তে শিশুটোৱে চিঞৰ-বাখৰ আৰম্ভ কৰাত চিঞৰ বাখৰ শুনি ঘটনাস্থলীত বহুলোকৰ সমাগম ঘটে আৰু এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয়৷ ৰাইজে লোকজনক উত্তম-মাধ্যম শোধায় আৰক্ষী থানাত চমজাই দিয়ে৷ লোকজন খাৰুপেটীয়াত শ্ৰমিক হিচাপে কৰ্মৰত বিহাৰ বৈশালীৰ ৰামকৃষ্ণ সাহানী বুলি চিনাক্ত কৰে আৰক্ষীয়ে৷ তিনিদিন পুৰ্বে দৰঙৰ দৈপাম গাঁৱত এগৰাকী যুৱকক সোপাধৰাৰ সন্দেহত মাৰধৰ কৰাৰ ঘটনাৰ উত্তেজনা মাৰনৌযাওঁতেই দৰঙৰ খাৰুপেটীয়াৰ মাজ মজিয়াত সংঘটিত এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷