
ফখৰুল ইছলাম, খাৰুপেটীয়াঃ দৰঙৰ পূব মঙলদৈ অঞ্চলৰ খাৰুপেটীয়া, দলগাঁও, বেচিমাৰী, লালপুল, দৈপাম, কৌপাটি আৰু চৰ অঞ্চলৰ কৃষিজাত শস্য বিশেষকৈ শাক-পাচলি উৎপাদনৰ ক্ষেত্ৰত এক বিশেষ অধিকাৰ দখল কৰি আহিছে। প্ৰায় তিনি দশক ধৰি এই অঞ্চলৰ উৎপাদিত শাক-পাচলি যেনে, ফুলকবি, বান্ধাকবি, আলু, বিলাহী, বেঙেনা, বিন, লেচেৰা, কেৰেলা, ভেন্দি আদি সামগ্ৰীয়ে উত্তৰ-পূৰ্বাঞ্চৰ চাহিদা পূৰণ কৰি আহিছে। কিন্তু এই অঞ্চলৰ কৃষকে মূৰৰ ঘাম মাটিত পেলাই অতি কষ্টৰে পাচলি উৎপাদন কৰি আহিছে যদিও সেই শস্যৰ উচিত মূল্য নাপাই সৰ্বস্বান্ত হৈ পৰিছে কৃষক।
বৰ্তমান খাৰুপেটীয়াৰ বজাৰত প্ৰতি কিল’গ্ৰাম ফুলকবিৰ দাম ৬/৭ টকা৷ গুৱাহাটী বজাৰত একেই ফুলকবিৰ দাম ৪০/৫০ টকা। উৎপাদনস্থলীত নাই পাচলিৰ মূল্য। মধ্যভূগীৰ দপদপনিৰ বাবেই গুৱাহাটীত ছগুণ মূল্যত বিক্ৰী হয় পাচলি। গড়চুকৰ বজাৰত চলি আছে ছিণ্ডিকেট চক্ৰ। অত্যাধিক পৰিবহন ব্যয়, আৰক্ষীৰ অবৈধ সংগ্ৰহ, চৰকাৰী মাচুল, পাকিঙৰ ভাৰা আদি ভৰিবলগীয়া হয় বেপাৰীসকলে। গুৱাহাটীৰ বজাৰত পাচলিৰ দাম অধিক হ’লেও উৎপাদনস্থলীত নাই পাচলিৰ মূল্য। দৰঙৰ খাৰুপেটীয়াৰ বালুগাঁও পাচলিৰ বজাৰত অঞ্চলটোৰ কৃষকে অতি কষ্টৰে উৎপাদন কৰা ফুলকবি, বান্ধাকবি লগতে অন্যান্য পাচলি বজাৰলৈ আনিছে যদিও যোৱা কেইদিনৰপৰা ফুলকবিৰ দাম অতি নিম্ন হোৱাত মূৰে-কপালে হাত দিছে কৃষকে। মাত্ৰ কেইদিনমান পূৰ্বে বতৰৰ প্ৰথম ফচল হিচাপে ফুলকবি বালুগাঁও বজাৰত প্ৰতি কিল’গ্ৰামত ৪০/৫০ টকাত বিক্ৰী হৈছিল যদিও যোৱা দুই- তিনিদিনৰপৰা বজাৰত প্ৰতি কিল’গ্ৰামত ৫/৭ টকাত বিক্ৰী হৈছে ফুলকবি।
এফালে কৃষিপ্ৰধান অঞ্চল হিচাপে বজাৰত ফুলকবি উভনৈদী, আনফালে যোৱা কেইদিনৰপৰা বজাৰখনত কমিছে ক্ৰেতা। যোৱা কেইটামান দিনৰপৰা পাইকাৰি হাৰত ক্ৰয় কৰা গ্ৰাহক হ্ৰাস পোৱাত কমি গৈছে পাচলিৰ মূল্য। আনপিনে এইখন বজাৰৰপৰা দৈনিক শ শ ট্ৰাকেৰে গুৱাহাটীৰ গড়চুকত থকা বজাৰলৈ একাংশ বেপাৰীয়ে বিক্ৰীৰ বাবে লৈ যায় যদিও গড়চুক বজাৰত বৰ্তমান দালাল, পাৰ্কিং, আৰক্ষীৰ ছিণ্ডিকেটৰাজৰ বাবে পাচলিৰ ব্যৱসায়ৰ নামত অত্যাধিক খৰচ কৰিবলগীয়া হৈছে। একাংশ ব্যৱসায়ীয়ে সাংবাদিক আগত কয় যে অত্যাধিক পৰিবহন ব্যয়, আৰক্ষীৰ মাচুল, কমিছনৰাজ, পাচলিৰ ছিণ্ডিকেট, মধ্যভোগীৰ দপদপনি আদিৰ বাবে গুৱাহাটীবাসীয়ে পাচলিৰ বাবে ভৰিবলাগীয়া হৈছে অত্যাধিক মূল্য।
তাৰোপৰি গড়চুকৰ বজাৰখনত বৰ্তমান কৃষক শ্ৰেণীক উপকাৰ কৰাৰ সলনি একাংশ দালাল, মধ্যভোগীক লাভান্বিত কৰিছে। চৰকাৰে যদি পাচলিৰ পাইকাৰি বজাৰবোৰত ৰঘুমলাসদৃশ মধ্যভোগীক উৎখাত কৰিব নোৱাৰিলে উৎপাদনস্থলীত পাচলিৰ মূল্য কম হ’লেও গুৱাহাটীৰ লগতে আন আন চহৰত সাধাৰণ ৰাইজে পাচলিৰ বাবে ভৰিব লাগিব অত্যাধিক দাম। এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰি গ্ৰাহক ৰাইজক সকাহ দিয়ে সেয়া হ’ব লক্ষণীয়।