newsnextone.com | খেৰণিঃ সোমবাৰে পশ্চিম কাৰ্বি আংলঙৰ জিলাৰ খেৰণি সাংবাদিক সন্থাই খেৰণিস্থিত কৃষি বিভাগৰ কৃষক প্ৰশিক্ষণ কেন্দ্ৰত চতুৰ্থ বৰ্ষপূৰ্তি পালন কৰে। পুৱা ৯ বজাত সন্থাৰ সভাপতি বীৰেন ইংহিয়ে পতাকা উত্তোলন কৰে৷ প্ৰাক্তন জিলা পৰিষদৰ সদস্য তথা সমাজ সেৱক ৰেনছিং বেয়ে শ্বহীদ বেদীত বন্তি প্ৰজ্জ্বলন কৰে।

খেৰণি সাংবাদিক সন্থাৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱসত আমন্ত্ৰিত অতিথিৰ দ্বাৰা খেৰণিস্থিত কৃষি প্ৰশিক্ষণ শিবিৰৰ চৌহদত থুজা গছ, নিম গছ আৰু বকুল গছৰ সৰ্ব মুঠ ১৫০ জোপা বৃক্ষ ৰোপণ কৰা হয়। দিনৰ ১২ বজাৰ পৰা খেৰণি সাংবাদিক সন্থাৰ সভাপতি বীৰেন ইংহিৰ পৰিচালনাত ‘বৰ্তমান সময়ত সমাজ ব্যৱস্থা আৰু ইয়াৰ প্ৰক্ৰিয়াত সমগ্ৰ অসমত চলি থকা কু-সংস্কাৰ আৰু অন্ধবিশ্বাস’ শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। 

খেৰণি সাংবাদিক সন্থাৰ সম্পাদক অলক বৰ্মণ বৰবৰা, পশ্চিম কাৰ্বি আংলঙৰ জ্যেষ্ঠ সাংবাদিক নন্দৰাম বৰদলৈ, অসম নেপালী সাহিত্য সভাৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি ৰানা কাফ্লে, প্ৰাক্তন পৰিষদীয় সদস্য ৰেনছিং বে, কাৰ্বি লামেট আমেই কেন্দ্ৰীয় সমিতিৰ সম্পাদক জয়ৰাম ৰংহাং, বাবুশ্বনা বৰবৰা, ধনেশ্বৰ বৈশ্য, ৰুদ্ৰেশ্বৰ বকলিয়াল, কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি চেমচন টেৰণ, খেৰণি শাখা সাহিত্য সভাৰ সভাপতি চনত বৰুৱা, কাৰ্বি লামেট আমেই খেৰণি শাখাৰ সভাপতি ৰামছিং কথাৰ, চাৰ্ডকপ মেমৰিয়াল ইংলিছ একাডেমিৰ প্ৰধান অধ্যক্ষ মহেশ ৰংহাঙে আলোচনাত অংশ লৈ কাৰ্বি পাহৰৰ লোকক অন্ধবিশ্বাস, কু-সংস্কাৰৰ পৰা মুক্ত হোৱাৰ আহ্বান জনায়৷