
কনক দেউৰী, খেৰণিঃ পশ্চিম কাৰ্বি আংলং তথা কাৰ্বি পৰিষদৰ পৰিষদীয় ৮ নম্বৰ হামৰেন সমষ্টিৰ অন্তৰ্গত তথা হাৰলং-চেৱাতৰ ইন্দ্ৰছিং-ফাংহংথৰ সংযোগী চলিত পথ নিৰ্মাণ কাৰ্যৰ শুকুৰবাৰে আকস্মিকভাৱে পৰিদৰ্শন কৰে পৰিষদীয় সমষ্টিটোৰ জনপ্ৰতিনিধি মংগলছিং তিমুঙে।
এক বৃহৎ সজাতি দলেৰে জনপ্ৰতিনিধি তথা কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুং স্বয়ং নিৰ্মাণস্থলিত উপস্থিত হৈ অঞ্চলবাসী আৰু দলীয় কৰ্মকৰ্তাক উদ্দেশ্যি কয় যে "বাট-পথৰ উন্নয়নেহে পাহাৰীয়া ৰাইজৰ সৰ্বদিশৰ উন্নয়ন সাধন কৰিব"।
ইয়াৰ পাছতেই তেওঁ বিত্তীয় বৰ্ষ ২০১৮-১৯, প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ইতিমধ্যে চলি থকা ইন্দ্ৰছিং-ফাংহংথৰ সংযোগী পকী পথৰ নিৰ্মাণ কাৰ্যৰ বুজ লয়। লগতে নিৰ্মাণ কাৰ্যৰ মান, কাৰিকৰী ব্যৱস্থা, শ্ৰমিকৰ মজুৰি, ব্যৱহাৰত প্ৰয়োজনীয় সামগ্ৰীৰ পৰিমাণ, নিৰ্মীয়মান কালভাৰ্ট, শিল, মাটি আদিৰ মান আদিও পুংখানুপুংখভাৱে নিৰীক্ষণ কৰে জনপ্ৰতিনিধিগৰাকীয়ে।
আনহাতে পাহাৰীয়া জিলাখনৰ হামৰেন সমষ্টিত অতি কম দিনৰ ভিতৰত ৯০ শতাংশ বাট-পথ সুচল আৰু পকীকৰণ কৰা হ’ব বুলি উল্লেখ কৰাৰ লগতে কেৱল বাট-পথয়েই নহয় অঞ্চলটোত বিশেষকৈ শিক্ষা ব্যৱস্থা, বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, বিদ্যুৎ যোগানৰ উপৰি গুৰুত্ব প্ৰদানেৰে ৰাইজৰ জ্বলন্ত সমস্যা শীঘ্ৰে সমাধা কৰাত বুলি উপস্থিত অঞ্চলবাসী আৰু কৰ্মকৰ্তাৰ আগত প্ৰকাশ কৰে তিমুঙে।
পৰিদৰ্শনৰ সময়ছোৱাত কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মংগলছিং তিমুঙৰ লগতে হামৰেন সমষ্টিৰ গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংছ', প্ৰাক্তন অধ্যক্ষ বীৰেন তিচ্ছ', হাৰলংচৰা বহুমুখী সমবায় সমিতিৰ অধ্যক্ষ পিটৰ তিমুং, বিজেপি নেতা লংছিং ৰংফাৰ লগতে স্থানীয়লোক উপস্থিত থাকে।