
খেৰণিঃ ৰাজ্যত বিভিন্ন প্ৰান্তৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙতো আজিও অব্যাহত আছে হাতী-মানুহৰ সংঘাত৷ জিলা খনৰ খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ নিহাং গাঁৱত মঙলবাৰে নিশা বনৰীয়া হাতীৰ জাকে তাণ্ডৱ চলাই বিস্তৰ ক্ষতি সাধন কৰে।
বাবু বে' নামৰ লোকজনৰ ঘৰৰ চোতালত মৰণা মাৰি থোৱা ধান খোৱাৰ লগতে দুটাকৈ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে বনৰীয়া হাতীয়ে। হাতীৰ তাণ্ডৱত ইতিমধ্যে গাঁও খনৰ প্ৰতিটো ঘৰৰ চোতালতে মৰণাৰ বাবে সাজু কৰি ৰখা ধানকলৈ চিন্তিত হৈ পৰিছে নিহাং গাওঁবাসীয়ে।
কিছুদিন ধৰি বৃহত্তৰ অঞ্চলটোত অব্যাহত থকা হাতী-মানুহৰ সংঘাতত কেইবাজনো লোকে প্ৰাণ হেৰুওৱাৰ লগতে ঘৰ-দোৱাৰ ভঙাৰ লগতে খেতি পথাৰ খাই তহিলং কৰি আহিছে। হাতীৰ তাণ্ডৱৰ ফলত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে যদিও বন বিভাগে হাতীৰ খেদাৰ ব্যৱস্থা নকৰাত ক্ষোভিত হৈ পৰিছে ৰাইজ৷