
কনক দেউৰী, খেৰণিঃ পশ্চিম কাৰ্বি আংলং-মেঘালয়ৰ সীমান্তত অৱস্থিত উমৰু নামৰ গাঁওখনৰ জলাহত ভৰি পৰিছে ছাইবেৰীয়াৰপৰা অহা 'অমূৰ ফেলকন' নামৰ পৰিভ্ৰমী চৰাইবিধ। প্ৰতি বছৰে ছেপ্টেম্বৰ মাহৰ শেষৰ ভাগত উমৰু অঞ্চললৈ আহে এই অতিথি।
অসমত প্ৰায় তিনি মাহমান থকাৰ পাছত পুনৰ উৰা মাৰে ছাইবেৰিয়ালৈ। অমূৰ ফেলকন চৰাইবোৰৰ আচৰণ অন্য চৰাইৰপৰা সম্পূৰ্ণ পৃথক। এই চৰাইবোৰ অকলশৰে কেতিয়াও উৰা নামেৰে বা নচৰে।
এই চৰাইবোৰৰ সংখ্যা অগণন যদিও একেলগে একে ঠাইতে নিশাটো আশ্ৰয় স্থলীত প্ৰৱেশ কৰা দেখা যায়। সন্ধিয়া অৰ্থাৎ সূৰ্যৰ পোহৰ মাৰ যোৱা আগে আগে চৰাইবোৰ আশ্ৰয় স্থলীত প্ৰৱেশ কৰা আগমহুৰ্তত শূন্য আকাশত অগণন সংখ্যাত একে লগে কিছু সময়লৈকে উৰি- ফুৰা দৃশ্য আৰু পুৱা সূৰ্য উদয় হোৱা লগে লগে একেলগে খাদ্য সন্ধানৰ বাবে উৰা মাৰা দৃশ্য অতি আকৰ্ষণীয় হৈ পৰে।
এই চৰাইবোৰৰ মাজত যে কোনো ধৰণৰ দন্দ সৃষ্টি নহয় আৰু জাতি প্ৰেমী চৰাই বুলি ক'ব পাৰি। কোনোবা এটা চৰাই বিপদত পৰা সম্ভেদ পালে আটাইবোৰ চৰাইয়ে উদ্ধাৰৰ বাবে নামি পৰে। এই সকলো দৃশ্যই প্ৰকৃতিপ্ৰেমী লোকক আপ্লুত কৰি তোলে। যি ধৰণে অমূৰ ফেলকন চৰাইবোৰ সুদূৰ ছাইবেৰীয়াৰপৰা আহিছে তেনে দৰে প্ৰকৃতিপ্ৰেমী তথা পক্ষীপ্ৰেমী ৰাইজে দূৰদূৰণিৰপৰা আহি চৰাইবোৰৰ আকৰ্ষণীয় দৃশ্য উপভোগ কৰিবলৈ উপস্থিত হয় দুৰ্গম পাহাৰ মাজত অৱস্থিত উমৰু গাঁৱত।
ইতিমধ্যে কাৰ্বি আংলং জিলা পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপছিং টেৰণ, প্ৰদীপ ৰংপি, পশ্চিম কাৰ্বি আংলং জিলা উপায়ুক্ত দেৱজ্যোতি হাজৰিকাৰ লগতে আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰো উমৰুত উপস্থিতি হৈ অমূৰ ফেলকন চৰাইৰ সমাগমৰ দৃষ্টিনন্দন দৃশ্য উপভোগ কৰে।
জিলা উপায়ুক্ত দেৱজ্যোতি হাজৰিকাই সাংবাদিকৰ আগত কয় যে এই অতিথি চৰাইৰ বিচৰণভূমি সংৰক্ষিত ৰখাৰ লগতে বিভিন্ন ধৰণৰ উন্নয়নমূলক আঁচনি গ্ৰহণ কৰিবলৈ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰিন্সিপাল চেক্ৰেটাৰীলৈ পত্ৰ প্ৰেৰণ কৰাৰ কথা জানিবলৈ দিছে।
আনহাতে একে সময়তে অসম চৰকাৰৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগকো উমৰু অঞ্চলত পৰ্যটকৰ কেন্দ্ৰবিন্দু তথা অতিথি চৰাই সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰস্তাৱ দিয়া বুলি জানিব দিছে। ইফালে জিলা পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপছিং টেৰণক উমৰু অঞ্চলত যাবলৈ পথ দুৱস্থা কথা সোধাত গা এৰা দি সাংবাদিকৰ আগত পথ নিৰ্মাণ কৰিব লাগিব, পথ নিৰ্মাণ কৰিলেহে ভাল হ'ব বুলি দায়িত্বহীনতা কথা ব্যক্ত কৰে।