খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত নাভূত-নাশ্ৰুত কাণ্ডই জনতাৰ চকু কঁপালত তুলিছে৷ সমগ্ৰ দেশৰ লগতে কাৰ্বি পাহাৰতো তদানীন্তন কংগ্ৰেছ দলক নীৰৱে প্ৰত্যাখ্যান কৰি পাহাৰবাসীয়ে পৰিবৰ্তনকামী বিজেপি দলক শাসনৰ ক্ষমতালৈ আনিছিল কাৰ্বি আংলঙত৷ কিন্তু শাসনৰ বাঘজৰী হাতত লোৱাৰ পাছৰে পৰা দিনক দিনে বিজেপিয়ে প্ৰদৰ্শন কৰি অহা অহমিকাক লৈ অতিষ্ঠ হৈ পৰিছে এতিয়া কাৰ্বি পাহাৰৰ জনতা৷

ইপিনে সাংসদ আৰ পি শৰ্মাই নিজৰ দলৰ মন্ত্ৰী-বিধায়কৰ বিৰুদ্ধে অভিযোগ তোলা বিষয়টোয়ে গৃহ-কন্দলৰ সূচনা কৰি থকাৰ সময়তে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বিজেপি অন্যান্য পিছপৰা শ্ৰেণী মৰ্চায়েও আচৰণ নীতি উলংঘা কৰি ৰাইজৰ চকু কঁপালত তুলিছে৷

"জোৰ যাৰ মুলুক তাৰ" বাণীৰ দৰে বিজেপিৰ অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাই জিলা কাৰ্যনিৰ্বাহক সভা খেৰণিস্থিত খেৰণি কৃষি বিভাগৰ বিভাগীয় কৃষক প্ৰশিক্ষণ কেন্দ্ৰ ও অতিথিশালাত অনুষ্ঠিত কৰি নীতি ভংগ কৰিছে বুলি ইতিমধ্যে এক গুৰুতৰ অভিযোগ উঠিছে৷

অৱশ্যে উল্লেখিত অতিথিশালাৰ প্ৰেক্ষাগৃহত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰাক লৈ ৰাইজে তথা সচেতন মহলে প্ৰাৰম্ভিক অৱস্থাত কোনো ওজৰ-আপত্তি কৰা নাছিল যদিও আচম্বিতে বিভাগটোৰ চৌহদত বিজেপিৰ দলীয় পতাকা ওলমাই ৰখা আৰু বিভাগটোৰ স্থায়ী মুখ্য প্ৰৱেশদ্বাৰত বিজেপিৰ অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাই নিৰ্মাণ কৰা অস্থায়ী তোৰণ প্ৰত্যক্ষ কৰি হতভম্ব হৈ পৰে বিজেপি বিৰোধী ৰাজনৈতিক দলৰ কৰ্মীসকলৰ লগতে সচেতন মহল৷ এক কথাত ক’বলৈ গলে বিজেপিৰ নীতিভ্ৰষ্ট কৰা কাৰ্য্যক লৈ ব্যাপক সমালোচনা হোৱাৰ লগতে বিষয়টোয়ে এতিয়া তুমুল চৰ্চা লাভ কৰিছে বৃহত্তৰ অঞ্চলটোত৷

ইফালে এনে কাৰ্য্যসূচী সন্দৰ্ভত তথা অতিথিশালা বিছাৰি আৰ্জি লাভ কৰা কৃষি বিভাগৰ বিষয়া তপন দত্তক সোধপোছ কৰাত জানিবলৈ দিয়ে যে প্ৰকৃততে কৃষক প্ৰশিক্ষণ কেন্দ্ৰ আৰু অতিথিশালাৰ প্ৰেক্ষাগৃহত এখন অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ জিলা কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ’ব বুলি এখন আৰ্জি লাভ কৰিছিল৷ ইয়াৰ বাহিৰে বিভাগটোৰ চৌহদত বিজেপিৰ দলীয় পতাকা অথবা প্ৰৱেশদ্বাৰত তোৰণ নিৰ্মাণ কৰাৰ কথা আৰ্জিত উল্লেখ কৰাটো দুৰৰে কথা আনকি এই সম্পৰ্কে মৌখিকভাৱেও অৱগত কৰা নাছিল বিষয়াগৰাকীক৷

যাৰ পৰিপ্ৰেক্ষিতত এতিয়া বৃহত্তৰ অঞ্চলটোৰ ৰাইজ আৰু সচেতন মহলে বিজেপিৰ এনে কাণ্ডক লৈ লজ্জানত অনুভৱ কৰিছে আৰু নীতি ভংগ কৰা বুলি দলটোৰ বিৰোদ্ধে অভিযোগ উত্থাপন কৰিছে৷

আনহাতে অনুষ্ঠিত সভাত দুগৰাকীকৈ কাৰ্বি পৰিষদৰ পৰিষদীয় জনপ্ৰতিনিধিৰ বিপৰীতে স্বয়ং পশ্চিম কাৰ্বি আংলং বিজেপি জিলা সমিটিৰ সভাপতি অৰুণ টেৰাং উপস্থিত থকাৰ পাছত কিদৰে এনে কাৰ্য্যই স্থান লাভ কৰিলে তাক লৈও প্ৰশ্নৰ সৃষ্টি হৈছে৷

এতিয়া নীতি, আদৰ্শ, দুৰ্নীতিমুক্ত, বিদেশীমুক্ত আদিৰ শ্ল’গান দি থকা দলটোৰ অংগস্বৰূপ অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাই কৰা নীতি ভংগৰ এনে কাৰ্য্যক লৈ কোন বাৰু জগৰীয়া বুলি কোটী টকীয়া প্ৰশ্ন উত্থাপন হৈছে৷ ইয়াৰ বাবে জগৰীয়া দল নে সংশ্লিষ্ট কৃষি বিভাগটোৰ উৰ্ধতন বিষয়া বুলিও এতিয়া এক অবুজ প্ৰশ্নৰ বিৰাজ ঘটিছে অঞ্চলটোত থকা জনতাৰ মাজত৷