♦ জনপ্ৰতিনিধি-চৰকাৰী কৰ্মচাৰী কাহানিও গৈ নোপোৱা স্থানত বিজেপিৰ সভা কাৰ্বি পাহাৰত

খেৰণিঃ পশ্চিম কাৰ্বি আংলং তথা কাৰ্বি পৰিষদৰ পৰিষদীয় ৮ নম্বৰ হামৰেন সমষ্টিৰ অন্তৰ্গত ইংলং-কেজইত মঙলবাৰে কাৰ্বি পৰিষদৰ এক বৃহৎ সজাতি দলেৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং উপস্থিত হৈ সহস্ৰ জনতাক উদ্দেশ্যি কয়, 'বাট-পথৰ উন্নয়নেহে পাহাৰীয়া ৰাইজৰ আৰ্থিক দিশ পৰিৱৰ্তনত বিশেষভাৱে সহায় আগবঢ়াব’।
ইংলং-কেজইত আয়োজন কৰা উন্নয়ন সভাৰ ভাষণ প্ৰসংগত ৰংহাঙে এইবুলিও উল্লেখ কৰে যে এটা বৰ্ষৰ ভিতৰতে পাহাৰীয়া জিলাখনৰ হামৰেন সমষ্টিত ৯০ শতাংশ বাটপথ সুচল আৰু পকীকৰণ কৰা হ’ব। কেৱল বাটপথয়েই নহয় অঞ্চলটোত বিশেষকৈ শিক্ষা ব্যৱস্থা, বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, বিদ্যুৎ যোগান আৰু গুৰুত্ব প্ৰদানেৰে ৰাইজৰ জ্বলন্ত সমস্যা শীঘ্ৰে সমাধা কৰা হ’ব বুলি।
ইফালে উল্লেখিত সভাৰ মজিয়াতে আজি কংগ্ৰেছ-এ এছ ডি চি দল ত্যাগ কৰি আজি আনুষ্ঠানিকভাৱে বি জে পিত যোগদান কৰে ৫ টা পৰিয়ালক ৰংহাঙে উষ্ম আদৰণি জনাই দলৰ কাম-কাজ কৰি যাবলৈ আহ্বান জনায়।
সমান্তৰালকৈ জনপ্ৰতিনিধি-চৰকাৰী কৰ্মচাৰী কাহানিও গৈ নোপোৱা ইংলং-কেজইত তথা বৃহত্তৰ অঞ্চলটোত বসবাস কৰা থকা দৰিদ্ৰ পৰিয়ালৰ মাজত দুখন ঔষধযুক্ত আঁঠুৱা আৰু দুখনকৈ কম্বল বিতৰণ কৰে কাৰ্বি পৰিষদৰ এক বৃহৎ সজাতি দল মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে কাৰ্বি পৰিষদৰ এক বৃহৎ সজাতি দলটোয়ে।
আনহাতে উল্লেখযোগ্য যে আজিৰ এই দিনটোতে কাৰ্বি পৰিষদৰ এক বৃহৎ সজাতি দলসহ উপস্থিত হোৱা তুলিৰাম ৰংহাঙে ২০১৮-১৯ বৰ্ষৰ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আঁচনিৰ অধীনত ক্ৰমে দেউৰী তিনিআলি হামৰেন-উমহালাংছ সংযোগী পথ নিৰ্মাণ আৰু লগতে ২০১৭-১৮ বৰ্ষৰ দেউৰী তিনিআলি হামৰেন-ফাং জাংৰে সংযোগী পথ নিৰ্মাণৰ আধাৰশিলাৰ লগতে এ এ পি আঁচনিৰ অধীনত ক্ৰমে ২০১৮-১৯ বৰ্ষৰ ডেৰা নিহাং-ফাং জাংৰে সংযোগী গড়কাপ্তানী পথ নিৰ্মাণৰ বিপৰীতে ২০১৮-১৯ বৰ্ষৰ ডেৰা আৰলক-ইংতি বাঁচাপ সংযোগী গড়কাপ্তানী পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে।
এইদৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত হামৰেন সমষ্টিৰ অন্তৰ্গত মুঠ ৭ খনতকৈ অধিক আঁচনিৰ আধাৰশিলা স্থাপন কৰি উন্নয়ন দিশে আগবঢ়াৰ প্ৰচেষ্টা অব্যাহত ৰাখে কাৰ্বি পাহাৰৰ কাৰ্বি পৰিষদখনে।