
খেৰণিঃ পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ কাৰ্বি পৰিষদীয় হামৰেন সমষ্টিত শুকুৰবাৰে এক উৎসৱমুখৰ পৰিৱেশেৰে পৰম্পৰাগত জনগোষ্ঠীয় নৃত্য গীতেৰে বৃহত্তৰ সমষ্টিটোৰ বিভিন্ন স্থানত কাৰ্বি পৰিষদৰ জলসিঞ্চন বিভাগৰ দায়িত্ব প্ৰদান কৰা নৱ নিযুক্ত কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙক উষ্ম আদৰণি আৰু সম্বৰ্ধনা জনায় হামৰেন সমষ্টিবাসীয়ে। এক অাৱতৰিয়া দিপাৱলীসদৃশ পৰিৱেশ সৃষ্টিৰে প্ৰথমে খেৰণিঘাট, জেংখা, তেলেহৰত সহস্ৰাধিক পুৰুষ-মহিলাই কাৰ্বি জনগোষ্ঠীয় মাফলা, অসমীয়া গামোচা আদিৰে নৱ নিযুক্ত কাৰ্যবাহী সদস্যগৰাকীক উষ্ম আদৰণি সম্বৰ্ধনা জনায়। শেহতীয়াকৈ কাৰ্যবাহী সদস্যগৰাকীৰ গৃহসমষ্টিৰ তেলেহৰত এখন আদৰণি-সম্বৰ্ধনা সভাও অনুষ্ঠিত হয়।
উক্ত সভাত মুখ্য অতিথি ৰূপত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং উপস্থিত হোৱাৰ বিপৰীতে কাৰ্বি পৰিষদৰ অধ্যক্ষ লংকি তিমুং, বৈঠালাংছ' বিধানসভা সমষ্টিৰ বিধায়ক ডঃ মানছিং ৰংপি, কাৰ্বি পৰিষদৰ বিভাগীয় কাৰ্যবাহী সদস্য ক্ৰমে ৰূপছিং টেৰণ, হৰেনছিং বে', অমৰছিং তিচ্ছ', প্ৰদীপ ৰংপি, লুনছিং টেৰণ, মঙ্গলছিং তিমুং, পৰিষদীয় সদস্য প্রভাত টাৰ', পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি অৰুণ টেৰাং, উপ-সভাপতি বলৰাম থাপা, দিত্যলাল হাষ্ণু, সাধাৰণ সম্পাদক ৰদীপ ৰংহাংৰ লগতে বিজেপিৰ অন্যান্য নেতা কৰ্মী উপস্থিত থাকে।
উল্লেখযোগ্য যে, উৎসাহ উদ্দীপনাৰে আয়োজন কৰা আদৰণি আৰু সম্বৰ্ধনা অনুষ্ঠানত হৰ্ষোল্লাহেৰে অংশ লোৱা দুই সহস্ৰাধিক পুৰুষ-মহিলাই হেতাউপৰাকৈ জনপ্ৰতিনিধিগৰাকীক ৰাইজৰ অভাৱ অভিযোগ, সমস্যা দূৰ কৰাৰ কামনাৰে মাফলা, চয়-হংথৰ আদিৰে সম্বৰ্ধনা জনায়। ইপিনে উপস্থিত ৰাইজক উদ্যেশি কাৰ্বি পৰিষদৰ নৱ নিযুক্ত কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙে নিজৰ ভাষনত কয় যে মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংঙাৰ অবিহনে কাৰ্বি আংলঙত উন্নয়ণ আৰু বিকাশ কৰাটো অসম্ভৱ। কাৰণ পাহাৰীয়া জিলাখনত ৰংহাঙে আপ্ৰাণ চেষ্টাৰে, সমদৃষ্টি প্ৰদানেৰে ৰাইজৰ স্বাৰ্থত দিনে নিশাই এক সবল মনোভাৱেৰে ভাগৰবিহীনভাৱে কাম কৰি গৈছে, গতিকে কেৱল ৰংহাঙৰ নেতৃত্বতহে কাৰ্বি আংলঙত সৰ্বাংগিন উন্নয়ণ আৰু বিকাশ সাধন কৰাটো সম্ভৱ বুলি কয় কাৰ্যবাহী সদস্যগৰাকীয়ে৷
আনহাতে, মুখ্য অতিথি তুলিৰাম ৰংহাঙে ভাষণ প্ৰসংগত কয় যে পৰিৱৰ্তনৰ স্বাৰ্থত, ৰাইজৰ স্বাৰ্থত এতিয়া পূৰ্বৰ তুলনাত আৰু অধিক উন্নয়ণ সাধন, সমস্যা সমাধান, বিকাশ সাধন, নিবনুৱা সমস্যা, শিক্ষা উন্নয়ণ সাধন আদি সুনিশ্চিতভাৱে পাহাৰীয়া জিলাখনত হ’ব বুলি। লগতে নিৰ্বাচনৰ পূৰ্বে আৰু প্ৰাকক্ষণত ৰাইজক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতিয়েই আখৰে আখৰে পালন কৰি আহিছো আৰু পালন কৰি যাম বুলি প্ৰতিশ্ৰুতি দিয়ে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে৷ মুঠতে কাৰ্বি পৰিষদৰ মুঠ ২৬ টা সমষ্টিতে সমানে সমান্তৰালকৈ বিশেষকৈ বাট পথ উন্নয়ন, পকীকৰণৰ কাম আদি শীঘ্ৰে সম্পন্ন কৰি যাতায়াতৰ বাবে সুচল কৰি তুলিম বুলি উল্লেখ কৰে। কাৰণ যাতায়াতৰ সুব্যৱস্থাইহে পাহাৰীয়া জিলাখনত নিশ্চিতভাৱে সৰ্ব দিশৰ উন্নয়ন সাধন কৰাত সহায় কৰিব বুলি মত পোষণ কৰে ৰংহাঙে।