খেৰণিঃ পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ বিথুং ৰেংথেমা সমষ্টিৰ অন্তৰ্গত তুমপ্ৰেঙত দেওবাৰে বি জে পিৰ এখন দলীয় সভা অনুষ্ঠিত হয়। ৰংখাং ব্লক বি জে পি মণ্ডল কমিটীৰ উদ্যোগত আৰু সমিতিখনৰ সভাপতি ৰঞ্জিত টেৰণৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত মুখ্য অতিথি হিচাপে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং উপস্থিত থাকে।

কাৰ্বি পৰিষদৰ বিভাগীয় কাৰ্যবাহী সদস্য ক্ৰমে হৰেনছিং বে', প্ৰদীপ ৰংপি, লুনছিং টেৰণ, মংগলছিং তিমুং, পৰিষদীয় সদস্য প্রভাত টাৰ', ৰামছিং তিমুং, ৰিচাৰ্ড টকবি, পশ্চিম কাৰ্বি আংলং জিলা বি জে পিৰ সভাপতি অৰুণ টেৰাং, উপ-সভাপতি দিত্যলাল হাষ্ণু, সাধাৰণ সম্পাদক ৰদীপ ৰংহাং, জন মিলিকৰ লগতে বি জে পিৰ অন্যান্য নেতা-কৰ্মী উপস্থিত থাকে।

সভাত উপস্থিত থকা সহস্ৰাধিক পুৰুষ-মহিলাক লক্ষ্য কৰি মুখ্য অতিথি তথা কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে বিৰোধীৰ অপপ্ৰচাৰে কাৰ্বি পাহাৰৰ উন্নয়ন আৰু বিকাশত কোনো প্ৰকাৰৰ বাধাৰ সৃষ্টি কৰিব নোৱাৰে।

কাৰ্বি পাহাৰত প্ৰতিটো দৰিদ্ৰ পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ, শৌচলয়, বিশুদ্ধ খোৱাপানী আদি অভিলাষী আঁচনিৰ ব্যৱস্থাসমূহ লাভ কৰিব। বি জে পি চৰকাৰৰ দিনত আৰু মই মুখ্য কাৰ্যবাহী সদস্য হৈ থকা কাৰ্যকালত আঁচনি প্ৰদানেৰে সামৰি ল'ব পৰা কোনো এটা পৰিয়ালক আঁচনিৰপৰা বঞ্চিত হ'বলৈ নিদিওঁ বুলি তেওঁ  উল্লেখ কৰে।

মুঠতে ঠগ-প্ৰৱঞ্চনা, দুৰ্নীতি অথবা ফোঁপযহ মাৰা কথাৰে নহয় কৰ্ম সংস্কৃতিৰেহে ৰাজ্যখনৰ ভিতৰতে পাহাৰীয়া জিলাখনক সৰ্বাংগীন উন্নয়ন আৰু বিকাশেৰে অন্যতম জিলা হিচাপে পৰিগণিত কৰাব বুলি মন্তব্য কৰে তুলিৰাম ৰংহাঙে।

ইয়াৰ পাছতেই এই সভাৰ যোগেদি কাৰ্বি পৰিষদৰ পৰিষদীয় বিথুং ৰেংথেমা, হামৰেন আৰু ৰংখাং সমষ্টিক সামৰি লৈ তিনিওটা সমষ্টিতে বি জে পিৰ 'পৃষ্ঠা-প্ৰমুখ'ৰ নিযুক্তি দিয়ে বি জে পিয়ে। দলৰ বাবে এনে পৃষ্ঠা-প্ৰমুখৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু পৃষ্ঠা-প্ৰমুখৰ কৰ্ম-কৌশলেহে দলৰ শক্তি নিৰূপণ কৰে বুলি কয় ৰংহাঙে।