উত্তৰ শালমাৰাঃ ৰাজ্যত বৃদ্ধি পাইছে অপহৰণৰ ঘটনা৷ বাৰে বাৰে ব্যৰ্থ আৰক্ষী প্ৰশাসন৷ কিন্তু এইবাৰ আৰক্ষী সফল৷ কৰায়ত্ত কৰিবলৈ সক্ষম হ’ল দুধৰ্ষ অপহৰণকাৰীক৷ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ দেওহাটী চ’কত সমৰেশ মণ্ডল নামৰ ICICI বেংকৰ কৰ্মচাৰী জনে গোৱালপাৰালৈ যাবলৈ বুলি ৰৈ থকা অৱস্থাত চাৰিজনীয়া এটা দুৰ্বিৃত্তৰ দলে জোৰ জবৰদস্তি গাড়ীত উঠাই লৈ যায়৷

স্থানীয় লোকে এই ঘটনা প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ যোগীঘোপা আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰে৷ যোগীঘোপা আৰক্ষীয়ে লগে লগে দুই ঠাইত চেক গেট লগায় যদিও AS-01-DE-4379 নম্বৰৰ অপহৰণকাৰীৰ ইয়’ন গাড়ীখনে নিৰাপত্তা ভেদ কৰিবলৈ সক্ষম হয়৷ শেষত যোগীঘোপা আৰক্ষীয়ে অপহৰণকাৰীৰ গাড়ীখন অনুসৰন কৰি গোৱালপাৰা জিলাৰ মাকৰীত চাৰি দুৰ্বৃত্তক কৰায়ত্ত কৰি সমৰেশ মণ্ডলক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

 অপহৰণৰ কাৰন বেংক জনিত বিষয় হব জাৰে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে৷ আটকাধীন চাৰি অপহৰণকাৰী বকোৰ তেলেন্ট্ৰা কুমাৰ মাৰাক, চহিদ আলী, নাছটাৰ মাৰাক আৰু কৃষ্ণাইৰ চাজিদ আলী৷ নিশা সংঘটিত হোৱা এই ঘটনাই সমগ্ৰ অভয়াপুৰীত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ইফালে ঘটনাক কেন্দ্ৰ কৰি গভীৰ ৰহস্যৰো সৃষ্টি হৈছে ৷