23
Sep
2017

কাজিৰঙাঃ কাজিৰঙাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ অপহৰণ কাণ্ড৷ পিষ্টল দেখুৱাই কাজিৰঙাৰ তেল ডিপুৰ পৰা তিনি অচিনাক্ত দুৰ্বৃত্তই গাড়ীত উঠাই লৈ গল এজন যুৱকক৷ অপহৃত যুৱকজনৰ নাম ভাস্কৰ গগৈ৷
গেলেকীৰ NRL তেল ডিপুত কৰ্মৰত ভাস্কৰ গগৈ নামৰ যুৱকজনক দুবছৰ মান পূৰ্বেই কোনো অজ্ঞাত লোকে ভাবুকি প্ৰদান কৰিছিল বুলি যুৱকজনে কাম কৰা তেল ডিপুটোৰ একাংশ কৰ্মচাৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।
হয়তো তেনে কোনো কথাৰ সূত্ৰ ধৰিয়েই যুৱকজনৰ অপহৰণ কাণ্ড সংঘটিত হ'ব পাৰে বুলি একাংশ লোকে সন্দেহ প্ৰকাশ কৰিছে। যুৱকজনৰ সন্ধানত কাজিৰঙা আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে অপহৃতৰ কোনো সম্ভেদ উলিয়াব পৰা নাই কাজিৰঙা আৰক্ষীয়ে৷