কাজিৰঙাঃ দৰিদ্ৰ পৰিয়ালৰ এগৰাকী ১১ বছৰীয়া কিশোৰৰ মৃত্যুত চাঞ্চল্যৰ সৃষ্টি হৈছে গোলাঘাট জিলাৰ কাজিৰঙাত৷

কাজিৰঙাৰ কহঁৰা নিবাসী জিতেন বাউৰীৰ কণিষ্ঠ পুত্ৰ সুৰয বাউৰীৰ মৃত্যুত শোকৰ ছাঁ পৰে কাজিৰঙাত৷

জানিব পৰা মতে, কহঁৰা মধ্য ইংৰাজী বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ সুৰুয সোমবাৰে পুৱাই হঠাৎ তেজ বমি কৰিবলৈ আৰম্ভ কৰে৷ পৰিয়ালে হঠাতে তেজ বমি কৰিব ধৰাত চিকিৎসাৰ ব্যৱস্থা কৰে যদিও কিশোৰজনৰ কিছু সময় পিছতে মৃত্যু হয়৷