তেজপুৰঃ বুধবাৰে পুৱাই শোণিতপুৰৰ ৰঙাপাৰাত উদ্ধাৰ হয় এটি কণমানি হাতী পোৱালী৷ শোণিতপুৰ জিলাৰ ৰঙাপাৰ অঞ্চলত কেইবাটাও বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ সময়তে বুধবাৰে এটি বনৰীয়া হাতীৰ পোৱালী উদ্ধাৰ হয়৷

জাকৰ মাজৰ পৰা ফালৰি কাটি অহা হাতীৰ পোৱালীটো শোণিতপুৰৰ ৰঙাপৰাৰ ঘগৰা চাহ বাগিচাত ২০নং নলাত পৰি থকা অৱস্থাত উদ্ধাৰ হয়৷ হাতীপোৱালীটো উদ্ধাৰৰ খবৰ লাভ কৰাৰ পিছতে বাগিচা খনত উপস্থিত হয় বন বিভাগৰ দল।

পশু চিকিৎসক তীৰ্থনাথ সিং উপস্থিত হৈ কণমানি পোৱালিটোৰ চিকিৎসা কৰি থকা বুলি জানিব পৰা গৈছে৷ কণমানি পোৱালীটোক খাদ্যৰ অভাৱত দুৰ্বল হৈ পৰাত ভালদৰে খোজকাঢ়ি পৰা নাই বুলি জানিব পৰা গৈছে৷ পোৱালীটোৰ মাকগৰাকীও কিছু দূৰত ছথকা বুলি জানিব পৰা গৈছে৷