চাবুৱাঃ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলাৰ চাবুৱা আঞ্চলিক সমিতিয়ে পথ নিৰ্মাণ কৰাৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে৷ ঐতিসাহিক চাবুৱা-টেঙাখাত গড়কাপ্তানী পথ নিৰ্মাণ কৰাৰ দাবীত ২৭ নৱেম্বৰত সংগঠন দুটাৰ কেইগৰাকীমান নেতাই অইলৰ গেটত থিয় হৈ প্ৰতিবাদ সাব্যস্ত কৰে৷

যোৱা ২৬ নৱেম্বৰত পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে দুৰ্ঘটনাত পতিত হৈ ১৫ বছৰীয়া ছাত্ৰই অকাল মৃত্যুক আকোৱালি লৈছিল। তাৰ পিছতে ক্ষোভিত হৈ সংগঠন দুটাই পথটোত গধুৰ যান-বাহনৰ চলাচল বন্ধ কৰি দিছিল। সংগঠন দুটাৰ সৈতে যোৱা ৩০ নৱেম্বৰত অইল ইণ্ডিয়া কৰ্তৃপক্ষই চাবুৱা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আলোচনাত মিলিত হয়।

আলোচনাত অইল ইণ্ডিয়া কৰ্তৃপক্ষই সংগঠনদুটাক পথটোৰ দ-দ গাতসমূহ মেৰামতি কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল৷ তাৰ পিছতেই অইল ইণ্ডিয়া কৰ্তৃপক্ষই পথটোৰ কেইটামান গাতত শিলতকৈ মাটি বেছি দি দায়িত্ব সামৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে৷ যোৱা ২৭ ডিচেম্বৰত অইল অৱৰোধ কাৰ্যসূচী ঘোষণা কৰি সংগঠনদুটাই অইল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰাৰ চেষ্টা কৰে। সংগঠনদুটাই অইল ইণ্ডিয়া কৰ্তৃপক্ষই দিয়া প্ৰতিশ্ৰুতি পালন কৰাৰ দাবী জনায়৷