newsnextone.com | গুৱাহাটীঃ ৰাজ্যজুৰি দল-সংগঠনে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে অহা ২০ মে’ত অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু অসমত হিন্দু বাংলাদেশী সংস্থাপনৰ বিৰোধিতা কৰি ৰাজ্যজুৰি নিতৌ প্ৰতিবাদ সাব্যস্ত হৈ অহাৰ সময়তে অমিত শ্বাহ অসমলৈ অহা বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে৷ 

২০১৯ চনত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু সমগ্ৰ উত্তৰ পূবৰ জনগণে যদি এনেদৰে প্ৰতিবাদ কৰি থাকে তেন্তে প্ৰতিবাদে বিজেপিক ক্ষতি কৰিব বুলি শংকিত হৈ পৰিছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব৷ যাৰ ফলত অমিত শ্বাহ অসমলৈ আহি নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু হিন্দু বাংলাদেশী সংস্থাপন সন্দৰ্ভত বিশেষ ঘোষণা কৰি অসমৰ জনসাধৰণক সন্তুষ্ট কৰাৰ লগতে প্ৰতিবাদ বন্ধ কৰিবৰ বাবে কৌশল ৰচনা কৰিব পাৰে৷

আনহাতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অমিত শ্বাহৰ অসম আগমণৰ লগে লগে সোচ্চাৰ হৈ পৰিছে৷ কৃষক নেতা অখিল গগৈয়ে অমিত শ্বাহৰ অসম আগমনক তীব্ৰ বিৰোধিতা কৰি ২০ মে’ৰ দিনটো অসমৰ ৰাইজক ক’লা দিন হিচাপে পালন কৰাৰ আহ্বান জনায়৷

শুকুৰবাৰে এখন সংবাদ মেল অনুষ্ঠিত কৰি অখিল গগৈয়ে লোকসভা নিৰ্বাচনৰ বাবেহে অমিত শ্বাহ অসমলৈ আহিব বুলি কয়৷ নাগৰিকত্ব সংশোধনী বিল বাতিলৰ দাবীত ৰাইজে উত্কণ্ঠাৰে সময় অতি বাহিত  কৰিছে যদিও তাৰ খবৰ লবলৈ আহৰি নাই ।ভোটৰ স্বাৰ্থত অসমলৈ আহিব বুলি কয় শ্বাহক। অখিলে প্ৰতিঘৰ মানুহক আৰু ব্যক্তিগত গাড়ীত ক’লা পতাকা আৰি প্ৰতিবাদ কৰিবলৈ পৰিবহণ সন্থাক আহ্বান জনায়৷