
কামপুৰঃ সোমবাৰে গুৱাহাটী মহানগৰীত কেন্দ্ৰীয় চৰকাৰে লব বিচৰা অসম ধ্বংসকাৰী সিদ্ধান্তক বিৰোধিতা কৰি ৰাজ্যৰ সচেতন দল-সংগঠন, বুদ্ধিজাৱী, সাংবাদিক, ছাত্ৰ নেতাই তথা ব্যক্তি বিশেষে মত দান কৰে৷ অসমত বাংলাদেশৰ হিন্দু শৰাণাৰ্থী সংস্থাপনৰ সমৰ্থন নকৰাৰ কথা সোমবাৰে স্পষ্ট কৰে অসমৰ ৰাইজে৷ মুঠৰ ওপৰত মহানগৰীৰ খানাপাৰাত ০৭ মে’ত অসমৰ ৰাইজে একত্ৰিত হৈ অসম ধ্বংসৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে মত প্ৰকাশ কৰিলে৷
মঙলবাৰে আবেলিৰ পৰা বৰাক উপত্যকাৰ শিলচৰত শুনানি গ্ৰহণ কৰিছে যুটীয়া সংসদীয় সমিতিয়ে। বৰাক উপত্যকাৰ শিলচৰত যুটীয়া সংসদীয় সমিতি উপস্থিত হৈ বৰাকৰ দল-সংগঠনৰ মত গ্ৰহণ কৰে৷ শিলচৰ এনআইটিত যুটীয়া সংসদীয় সমিতিয়ে সাক্ষ্য গ্ৰহণ আৰম্ভ কৰে৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ শুনানি অব্যাহত থকাৰ সময়তে বিধেয়ক খনৰ তীব্ৰ বিৰোধিতা কৰি কামপুৰত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জোঁৰ সমদল উলিয়াই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
নাগৰিকত্ব সংশোধনী বিধেয়ক খনৰ বিৰুদ্ধে কৃষক মুক্তিৰ নেতৃত্বত কেইবাটাও সংগঠনে কামপুৰত জোঁৰ লৈ সমদল উলিয়াই শীঘ্ৰে বিধেয়কখন বাতিল কৰাৰ দাবী জনাই অন্যথাই জংগী আন্দোলন ৰূপায়ন কৰাৰ হুংকাৰ দিয়ে। বিধেয়কখন ষড়যন্ত্ৰ মুলক ভাবে গৃহিত কৰি হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বাবে বিজেপি চৰকাৰে গ্ৰহণ কৰা কাৰ্যক কোনো কাৰণতে মানি নলয় বুলি সকীয়াই দিয়ে সংগঠনটোৱে। আহ ঐ আহ ওলাই আহ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, অসম চৰকাৰ গ’বেক আদি শ্ল’গানেৰে কামপুৰ অঞ্চলৰ পৰিৱেশ উত্তাল কৰি তোলে সংগঠনটোৱে।
সংগঠনটোৰে এগৰাকী নেতাই কাৰ্যসূচীত উপস্থিত থাকি বিজেপিক তীব্ৰ সমালোচনা কৰি অসম ধ্বংস কৰিব বিচৰা কাৰ্য কোনো কাৰণত মানি লোৱা নহ’ব বুলি স্পষ্ট কৰে৷ আনহাতে অসমত বসবাস কৰি থকা হিন্দু বাঙালী সকলক উদ্দেশ্যে কয় ‘‘তোমালোকে হোজাইৰ শিলাদিত্যৰ সুৰত সুৰ নিমিলাবা৷ যদি সঁচাকৈ সুৰ মিলাব আছে অসমীয়া জাতি সত্বাৰ সৈতে সুৰ মিলোৱা৷ আমি হিন্দু বাঙালীসকলক দাবী জনাইছো অসমীয়া জাতিৰ সৈতে মিলি যোৱা অন্যথাই তোমালোকৰ বিপদ অনিবাৰ্য৷’’