ফটো,উৎস ইন্টাৰনেট,
ফটো,উৎস ইন্টাৰনেট

কামপুৰঃ অসম লোকসেৱা আয়োগৰ দুৰ্নীতিৰ পৰা ৰাজনৈতিক দলৰ নেতা-কৰ্মী সকলৰ পুত্ৰ-কন্যা যাতে সাৰি নাযায় চৰকাৰে তাৰ ব্যৱস্থা কৰক৷

এই দাবী কৃষক মুক্তিৰ সভাপতিৰ সভাপতি ৰাজু বৰাৰ৷ কামপুৰত কৃষক নেতা জনে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে বিমুদ্ৰাকৰণ সন্ধৰ্ভত মন্তব্য প্ৰকাশ কৰি নৰেন্দ্ৰ মোডীয়ে মিছা কথা কয় বুলি কয়।

ভাৰতীয় অৰ্থনীতিবিদ সকলৰ সৈতে আলোচনা নকৰি কাম কৰাৰ বাবে দেশবাসীয়ে ইয়াৰ ফল ভুগিব লগা হোৱা বুলি কয়। মোডী অৰ্থনীতিবিদ নহয় বুলি কৈ তেওঁৰ অৰ্থনীতিত জ্ঞান শূণ্য বুলি কয়।

তেওঁ প্ৰধানমন্ত্ৰী মোডীক ভাৰতৰ অৰ্থ নীতিৰ হত্যাকাৰী বুলি আখ্যা দিয়ে।