
চাবুৱা/কাজলগাঁওঃ কৃষক নেতা অখিল গগৈক গ্ৰেপ্তাৰৰ ৬০ ঘন্টা পাৰ হোৱাৰ পাছতো ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত আছে৷ দল-সংগঠনে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি অখিলক মুক্তিৰ দাবী জনায়৷ ডিব্ৰুগড় জিলাৰ চাবুৱাত শুকুৰবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু মটক যুৱ ছাত্ৰ পৰিষদৰ সহযোগত কেইবাশতাধিক লোকে হাতে হাতে জোঁৰলৈ সমদল কৰি অখিলক গ্ৰেপ্তাৰৰ প্ৰতিবাদ জনায়৷
চাবুৱা নগৰত জোঁৰ লৈ শ-শ প্ৰতিবাদকাৰীয়ে সৰ্বানন্দৰ কাম নাই, বিজেপি চৰকাৰ হায় হায়, অখিল গগৈক মুক্তি দিয়ক বিভিন্ন শ্ল’গানেৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰে। কৃষক মু্ক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলাৰ সভাপতি ইন্দ্ৰ দওই সমদলত উপস্থিত থাকি বিজেপিৰ পিতৃ সংগঠন আৰ এছ এছে আত্মৰক্ষাৰ বাবে মুকলিকৈ অস্ত্ৰৰ প্ৰশিক্ষণ লোৱা কাৰ্যক সৰ্মথন কৰি মূখ্যমন্ত্ৰীয়ে আত্মৰক্ষাৰ বাবে এই প্ৰশিক্ষণ বুলি কোৱা মন্তব্যক উভতি ধৰি অখিল গগৈয়ে খিলঞ্জীয়াৰ স্বাৰ্থত প্ৰয়োজন হলে অবৈধ বাংলাদেশী সংস্থাপনৰ বিৰুদ্ধে হাতত হেংদাং নতুবা Ak-47 হাতত তুলি লম বুলি কোৱা কথাটো কেনেকৈ ৰাষ্ট্ৰদ্ৰোহ হয় বুলি সৰ্বানন্দ সোণোৱালক প্ৰশ্ন কৰে৷
মটক যুৱ যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই বিজেপি চৰকাৰ খনক তীব্ৰ ভাষাৰে সমালোচনা কৰি অখিল গগৈক মুক্তি দিবলৈ চৰকাৰক দাবী জনায়। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি চাবুৱা আঞ্চলিক সমিতিৰ সভাপতি জগজিত গোঁহাই, জিতুপন শইকীয়া সম্পাদক দিপাঙ্কৰ গগৈ, দিপ শইকীয়া আৰু যোগল দওই বিজেপি চৰকাৰ খনৰ এই হিটলাৰী বৰ্বৰতাক তীব্ৰ ভাষাৰে সমালোচনা কৰে৷ আনহাতে চিৰাং জিলাৰ ঢালিগাঁও-বৰতালোৱাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ চিৰাং জিলা সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তথা চিৰাং জিলা আমছুৰ সহযোগত কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত জোঁৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে।
অখিল গগৈক অমানৱীয় ভাৱে নিজৰ ঘৰৰ পৰা কোনো জাননী নিদিয়াকৈ ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যক ধিক্কাৰ দিয়ে সংগঠনকেইটাই। জোঁৰ সমদলত অংশ লোৱা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় বিত্ত সম্পাদক হিৰণ্য পাথৰিয়ে অসমৰ এজন জনপ্ৰিয় নেতা অখিল গগৈক চোৰ-ডকাইতৰ দৰে গ্ৰেপ্তাৰ কৰা হৈছে বুলি কৈক্ষোভ উজাৰে। পাথৰিয়ে শীঘ্ৰে অখিল গগৈক মুক্তি দিয়াৰ দাবী জনায়৷ অন্যথাই তীব্ৰ আন্দোলন গঢ়ি তোলাৰ ভাবুকি দিয়ে সংগঠনটোৱে। আমাক এই চৰকাৰ নেলাগে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ, অখিল গগৈক বিনা চৰ্তে মুক্তি দিয়ক, অসম চৰকাৰ হায় হায়, আদি শ্ল’গানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে সমদলকাৰীয়ে। জোঁৰ সমদলত অংশ গ্ৰহণ কৰি আমছুৰ চিৰাং জিলা সমিতিৰ সভাপতি গুলজাৰ হুচেইনও অংশ লয়৷