শিৱসাগৰঃ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে আমগুৰিত আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

সংগঠনটোৰ বৰাহীবাৰী-চামগুৰি আঞ্চলিক সমিতিয়ে আমগুৰি ৰাজহ চক্ৰ কাৰ্য্যলয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি শিৱসাগৰৰ আমগুৰি সমষ্টিৰ বিভিন্ন বাট-পথ মেৰামতি কৰাৰ দাবী উত্থাপন কৰে।

আনহাতে সংগঠনটোৱে বান বিধ্বস্ত অঞ্চল তথা বিভিন্ন ঠাইত প্ৰাদুৰ্ভাৱ হোৱা মহামাৰীৰ প্ৰতিষেধক প্ৰদান, চামগুৰিত নিৰ্মাণ কৰা আদৰ্শ চিকিৎসালয়ত হোৱা দুৰ্নীতিৰ উচিত তদন্ত কৰা, আমগুৰি সামূহিক চিকিৎসালয়ত চিকিৎসক নিযুক্তি দিয়াৰো দাবী জনায়।