newsnextone.com | কোকৰাঝাৰঃ কোকৰাঝাৰৰ আবকাৰী উপ-পৰিদৰ্শক নাৰায়ন বৰালক যোৱা ২ মে’ত জিলা খনৰ উল্টাপানী বনাঞ্চলত অচিনাক্ত দুৰ্ষ্কৃতিকাৰীয়ে হত্যা কৰা ঘটনাৰ এমাহ অতিক্ৰম কৰাৰ পিছতো হত্যাকাৰীক আৰক্ষীয়ে কৰায়ত্ব কৰিব নোৱাৰাত আৰু আৰক্ষী প্ৰশাসন ব্যৰ্থ হোৱাত সোচ্চাৰ হৈ পৰিছে ৰাইজ৷ আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা আৰু অসম গোৰ্খা সন্মিলনীয়ে যৌথভাৱে কোকৰাঝাৰত প্ৰতিবাদ সাব্যস্ত কৰে।

কোকৰাঝাৰ জিলা সদৌ অসম গোৰ্খা ছাত্র সন্থা আৰু অসম গোৰ্খা সন্মিলনৰ যৌথ উদ্যোগত শনিবাৰে কোকৰাঝাৰ জিলা উপাযুক্তৰ কাৰ্যালয় প্ৰাংগণততিনিঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰি শীঘ্ৰে হত্যাকাৰীক আটক কৰাৰ দাবী জনায়৷ সংগঠনৰ শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে বেনাৰ, ফেষ্টুন, প্লেকাৰ্ড লৈ চৰকাৰ আৰু প্ৰশাসন বিৰোধী শ্ল’গান দিয়াৰ লগতে বিচমুৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাষ্কৰ জ্যোতি নাথ মুৰ্দাবাদ ধ্বনিৰে সদৰ চহৰৰ পৰিৱেশ উত্তাল কৰি তোলে।

নাৰায়ণ বৰালৰ হত্যাকাণ্ডত কোকৰাঝাৰ জিলাৰ বিচমুৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাষ্কৰ জ্যোতি নাথৰ ভূমিকা অতি ৰহস্যজনক বুলি সংগঠনৰ নেতাদ্বয়ে অভিযোগ উত্থাপন কৰি ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক তদন্তৰ আওঁতালৈ অনা, শীঘ্ৰে মুল হত্যাকাৰীক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰা, নাৰায়ণ বৰালৰ পৰিয়ালক ক্ষতিপূৰণ দিয়া আদি দাবীৰে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠন দুটাৰ নেৰ্তৃবৰ্গই।

উল্লেখ্য যে, এনআৰচিৰ কৰ্তব্য সামৰি ভাৰত ভূটান সীমান্তবৰ্তী সৰলপাৰাৰ নিজ ঘৰলৈ উভতাৰ পথত যোৱা ২ মে’ত উল্টাপানী বনাঞ্চলত ঘাতকৰ হাতত প্ৰাণ হেৰুওৱা নাৰায়ন বৰালৰ হত্যাকাৰীক শীঘ্ৰে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান নকৰিলে গণতান্ত্ৰিকভাৱে জংগী আন্দোলনৰ ভাবুকিও প্ৰদান কৰিছে দুই সংগঠনৰ নেৰ্তৃবৰ্গই। অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অসম গোৰ্খা সন্মিলনীৰ উপ-সভাপতি দীনেশ সুৱেদী, অসম গোৰ্খা সন্মিলনীৰ বিটিচি ক্ষেত্ৰীয় সমিতিৰ সম্পাদক বিকাশ সুৱেদী, আগছুৰ বিটিচি ক্ষেত্ৰীয় সমিতিৰ সভাপতি জন চৌহান, অসম নেপালী সাহিত্য সভাৰ বিটিচি ক্ষেত্ৰীয় সমিতিৰ সম্পাদক কে পি ভূষালকে ধৰি জিলা পৰ্যায়ৰ নেতাসকল উপস্থিত থাকে।