কোকৰাঝাৰঃ লাফিকুল হত্যকাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই কোকৰাঝাৰ জিলাত পুনৰাই সংঘটিত হৈছে আন এক নৃশংস হত্যাকাণ্ড।

জিলাখনৰ গোসাঁইগাঁও মহকুমাৰ কচুগাঁও থানাৰ অন্তৰ্গত মইনাগুৰী জানাগাঁৱত বুধবাৰে সন্ধিয়া অচিনাক্ত দুষ্কৃতিকাৰীয়ে জহু হাসদা(৬০)নামৰ এজন লোকক গলত ঘপিয়াই ঘপিয়াই নৃশংসভাৱে হত্যা কৰে।

অতি সহজ-সৰল জীৱন যাপন কৰা জহু হাসদাক কোনে, কি কাৰণত হত্যা কৰিলে সেয়া অদ্যপি স্পষ্ট হোৱা নাই যদিও ঘটনাটোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

সদৌ অসম চাওতাল ছাত্ৰ সন্থাৰ সভাপতি চাইমন কিস্কুৱে উক্ত ঘটনাটোক তীব্ৰ ভাষাৰে গৰিহণা দি অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰিব নোৱাৰিলে ব্যাপকভাৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি সদৰী কৰিছে ।

আদিৱাসী জাতীয় মহাসভা চমুকৈ এএনচিৰ সম্পাদক বীৰসিং মুণ্ডায়ো ঘটনাটোক তীব্ৰ ভাষাৰে গৰিহণা দি দোষীক কৰায়ত্ব কৰিবলৈ দাবী জনাই জনসাধাৰণৰ জীৱন, সা-সম্পত্তি ৰক্ষাত চৰকাৰ ব্যৰ্থ হৈছে বুলি মন্তব্য কৰে।