
কোকৰাঝাৰঃ দিন-দুপৰতে কোকৰাঝাৰৰ তিতাগুৰিত অচিনাক্ত দুৰ্ষ্কৃতিকাৰীয়ে গুলীয়াই নিহত কৰা লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডই ১৮ দিন অতিক্ৰম কৰিলে যদিও আজিলৈকে কৰায়ত্ব নহ'ল হত্যাকাৰী। চাঞ্চল্যকৰ উক্ত হত্যাকাণ্ডৰ পিছত ৰাজ্যজুৰি ব্যাপক প্ৰতিবাদৰ ঢৌ উঠিছিল আৰু লাফিকুল হত্যাকাণ্ডৰ সতে জড়িত দুৰ্ষ্কৃতিকাৰীক কৰায়ত্ব কৰিবলৈ এবিএমছু , আছু, এবছু, আক্ৰাছু, আমছুকে ধৰি তেৰটা সংগঠনে ১৫ আগষ্ট অন্তিম সময়সীমা হিচাপে নিৰ্ধাৰণ কৰি দিছিল। অন্যথা ১৮ আগষ্টৰ পৰা কোকৰাাঝাৰৰ পৰাই ব্যাপক গণ আন্দোলনৰ গঢ়ি তোলা হ'ব বুলি হুমকি দিছিল।
ৰাজ্যৰ তেৰটাকৈ সংগঠনৰ দাবীৰ প্ৰতি চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত অৱশেষত আজি পূৰ্বঘোষিত কাৰ্যসূচী অনুসৰি এবিএমছুৰ উদ্যোগত বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰা হয়। লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক অতি শীঘ্ৰে কৰায়ত্ব কৰা, লাফিকুল হত্যাকাণ্ডৰ গোচৰ শীঘ্ৰে চিবিআইলৈ হস্তান্তৰ কৰা, তদন্তৰ অগ্ৰগতি ৰাজহুৱা কৰা আদিকে ধৰি কেবাটাও দাবীৰ সমৰ্থনত আজি এবিএমছুৰ উদ্যোগত আৰু আছু ,এবছু , আক্ৰাছু, আমছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি কেবাটাও জাতীয় সংগঠনৰ সহযোগত কোকৰাঝাৰৰ ৰাসমেলা পথাৰৰ পৰা বাহিৰ হোৱা বিশাল প্ৰতিবাদী সমদলটোত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ ফেষ্টুন লৈ অসম চৰকাৰ হায় হায়, অসম আৰক্ষী হায় হায়, এচপিক নিলম্বন কৰক, সৰ্বানন্দ সোণোৱাল হায় হায় আদি ইত্যাদি শ্লোগানেৰে সদৰ চহৰৰ পৰিৱেশ উত্তাল কৰি তোলে।
ৰাসমেলা পথাৰৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদী সমদলটোৱে আৰএনবি ৰোড হৈ কোকৰাঝাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত হাজিৰ হৈ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখতে তথা পথৰ ওপৰতে এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰে। সমদলত অংশগ্ৰহন কৰা সাংসদ নৱ কুমাৰ শৰণীয়াই লাফিকুল হত্যাকাণ্ডক গৰিহণা প্ৰকাশ কৰি বৰ্তমানলৈকে আৰক্ষীয়ে দোষীক গ্ৰেপ্তাৰ কৰিব নোৱাৰোটো লজ্জাজনক বুলি মন্তব্যৰে ৰাইজৰ দাবীৰ প্ৰতি কাণষাৰ নিদিয়াটোও দূৰ্ভাগ্যজনক বুলি মন্তব্য প্ৰকাশ কৰে। ৰাইজৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি গোচৰটো ইমানদিনে চিবিআইলৈ হস্তান্তৰ কৰা , কোকৰাঝাৰ আৰক্ষী অধীক্ষকক নিলম্বন কৰাটো উচিত আছিল বুলি মন্তব্যৰে লাফিকুল হত্যাকাণ্ডৰ সতে জড়িত দোষীসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰিবলৈ আহ্বান জনাইছে।
সাধাৰণ সম্পাদক ৰেজাউল কৰিম সৰকাৰে অসম আৰক্ষীৰ ব্যৰ্থতাক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে প্ৰকৃততে অসম আৰক্ষীয়ে লাফিকুলৰ হত্যাকাৰী সন্দৰ্ভত সম্পূৰ্ণ জ্ঞাত যদিও হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সাহস গোটাব পৰা নাই । লাফিকুল হত্যাৰ ১৮ দিন উকলি যোৱাৰ পিছতো আৰক্ষীয়ে হত্যাকাৰীক গ্ৰেপ্তাৰ নকৰা কাৰ্যক তীব্ৰ কৰ্কথনা কৰি লাফিকুলৰ হত্যাকাৰী গ্ৰেপ্তাৰ নোহোৱা পৰ্যন্ত সকলো দল সংগঠনক লৈ আন্দোলন অব্যাহত থাকিব বুলি স্পষ্ট কৰি দিয়ে। প্ৰতিবাদী সমদলত ভাগ লোৱা আছুৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক নৱজ্যোতি ৰায় , এবছুৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক খৌৰমদাও ওৱাৰী, আক্ৰাছুৰ সভাপতি প্ৰদীপ ৰায়, সাধাৰণ সম্পাদক গোকুল ৰায়, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাংগঠনিক সম্পাদক ব্ৰজেন বৰুৱা, এবিএমছুৰ সাধাৰণ সম্পাদক শ্বাহকামাল খণ্ডকাৰ আদিকে ধৰি কেবাটাও সংগঠনৰ নেৰ্তৃবৃন্দই লাফিকুলৰ হত্যাৰ সতে জড়িত দোষীক অতি শীঘ্ৰে কৰায়ত্ব কৰিবলৈ দাবী উত্থাপন কৰিছে আৰু হত্যাকাৰী গ্ৰেপ্তাৰ নোহোৱা পৰ্যন্ত আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰিছে।
ইপিনে এবিএমছুৰ ভাৰপ্ৰাপ্ত সভাপতি আলি আজম শ্বেখে অসম আৰক্ষীৰ ব্যৰ্থতাক তীব্ৰ ভাষাৰে সমালোচনা কৰি হত্যাকাণ্ডটোৰ গোচৰ চিবিআই লৈ হস্তান্তৰকৰণৰ দাবী উত্থাপন কৰিছে। লাফিকুলৰ হত্যাকাৰী কৰায়ত্ব নোহোৱা পৰ্যন্ত সকলো জাতি জনগোষ্ঠীৰ দল সংগঠনৰ সহযোগত আন্দোলন অব্যাহত থাকিব আৰু এই আন্দোলনে পৰৱৰ্তী পৰ্যায়ত দিছপুৰ, দিল্লীৰ মজিয়া কঁপাই তুলিব বুলি মন্তব্যৰে এবিএমছুৰ ভাৰপ্ৰাপ্ত সভাপতি আলি আজম শ্বেখে চৰকাৰ আৰু অসম আৰক্ষীৰ ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰিছে।
আনহাতে প্ৰতিবাদী সমদলটোৱে সদৰ চহৰ পৰিভ্ৰমণ কৰি জিলা উপায়ুক্ত কাৰ্যালয়ত হাজিৰ হৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখৰ পথৰ ওপৰতে প্ৰতিবাদী সভা অনুষ্ঠিত কৰাৰ অন্তত জিলা উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰীলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে। উক্ত স্মাৰকপত্ৰত লাফিকুল হত্যাকাণ্ডৰ চিবিআই তদন্ত, কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকক নিলম্বন কৰা, গৰুৰ চোৰাং কাৰবাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা, অবৈধ অস্ত্ৰ জব্দ কৰাকে ধৰি কেবাটাও দাবী উত্থাপন কৰিছে।
উল্লেখ্যে যে আজি কোকৰাঝাৰত অনুষ্ঠিত হোৱা লাফিকুল হত্যাকাণ্ডৰ প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰিবলৈ অহা প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে ঠায়ে ঠায়ে আৱদ্ধ কৰি ৰাখে। চিৰাং জিলাৰ চম্পাৱতী নৈৰ দলঙৰ ৰাষ্ট্ৰীয় ঘাইপথত, চিৰাং জিলাৰ বাসুগাঁওত , ধুবুৰী জিলাৰ বিলাসীপাৰাত আদিকে ধৰি কেবাঠাইত প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে আৱদ্ধ কৰাত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় আৰু প্ৰতিবাদকাৰীৰ সতে আৰক্ষীৰ বাক বিতণ্ডাৰ সৃষ্টি হয়। প্ৰতিবাদকাৰীসকলে সমদলত অংশগ্ৰহণৰ পৰা বঞ্চিত হোৱাত ক্ষুব্ধ হৈ উঠে আৰু কাজলগাঁও, বাসুগাঁৱত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। আৰক্ষীৰ এনে ফেচিবাদী ভূমিকাক এবিএমছুয়ে কঠোৰ ভাষাৰে গৰিহণা দি লাফিকুলৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰা আৰক্ষীয়ে শান্তিপ্ৰিয় প্ৰতিবাদকাৰীক আৱদ্ধৰে বীৰত্ব প্ৰকাশ নকৰি হত্যাকাৰীৰ সন্ধান উলিয়াবলৈ আহ্বান জনোৱাৰ লগতে ভৱিষ্যতে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকীয়নি প্ৰদান কৰিছে।