
কোকৰাঝাৰঃ সদৌ অসম ছাত্ৰ সন্থাৰ কোকৰাঝাৰ বালাগাঁও তিনিআলী আঞ্চলিক সমিতিয়ে দেওবাৰে ড০ ভূপেন হাজৰিকাৰ ষষ্ঠ মৃত্যু বাৰ্ষিকী উদযাপন কৰে। জিলাখনৰ বালাজান প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত আছুৰ উদ্যোগত সন্ধিয়া ৬.৩০ বজাত আয়োজিত হোৱা অনুষ্ঠানত ড০ ভূপেন হাজৰিকাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি ৫০০ গছি বন্তি প্ৰজ্বলন কৰে সংগঠনটোৱে।
জিলা উপায়ুক্ত নীৰঞ্জন বৰুৱাই ড০ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ পূৰ্বে ড০ ভূপেন হাজৰিকাৰ জীৱনৰ ওপৰত আলোকপাত কৰি চমু ভাষণ আগবঢ়ায়। অনুষ্ঠানত আছুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক নৱজ্যোতি ৰায়, নাথ যোগী সাহিত্য পৰিষদৰ জিলা সম্পাদক বেণুধৰ নাথ, বালাজান প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰত্নেশ্বৰ ৰায়কে ধৰি বহু বিশিষ্ট ব্যাক্তিৰ লগতে শতাধিক স্থানীয় ৰাইজ অনুষ্ঠানত অংশগ্ৰহন কৰে। উল্লেখ্য যে কাৰ্যসূচীৰ অংশস্বৰূপে সন্ধিয়া বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ড০ ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে।