
কোকৰাঝাৰঃ পৃথক বড়োলেণ্ড ৰাজ্য গঠন আৰু প্ৰস্তাৱিত বড়োলেণ্ডৰ বাহিৰত বসবাস কৰা বড়োসকলৰ ৰাজনৈতিক অধিকাৰৰ দাবীত আজি এবছু,এনডিএফবি (প্ৰ) আৰু পিজেএচিবিএম'ৰ দ্বাৰা আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধৰ সময়ছোৱাত কোকৰাঝাৰ জিলাৰ সৰ্বত্ৰে বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰে৷
বন্ধৰ সময়ছোৱাত জিলাখনত কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই যদিও স্কুল-কলেজ,বেংক,বীমা, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়,অনুষ্ঠান-প্ৰতিষ্ঠানকে ধৰি দোকান-পোহাৰ, হাট-বজাৰ, গাড়ী-মটৰ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত জনজীৱন ব্যাহত হৈ পৰে৷
বন্ধত জিলাখনৰ সদৰ চহৰ কোকৰাঝাৰকে ধৰি ফকিৰাগ্ৰাম, শক্তিআশ্ৰম, চিথিলা, সেৰফাংগুৰী, কচুগাওঁ, পাটগাঁও ,ছালাকাটি, তিতাগুৰী , বালাজাান তিনালী, দোতমা, তুলসীবিল, ভাওৰাগুৰী, গোসাইগাওঁ, শ্ৰীৰামপুৰ আদি অঞ্চলত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰে৷
তদুপৰি বন্ধৰ সময়ছোৱাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথতো দূৰণিবটীয়া বাছ আৰু ট্ৰাকৰ চলাচল বন্ধ হৈ পৰাত অসম-বঙ্গ সীমান্ত শ্ৰীৰামপুৰ আন্ত:ৰাজ্যিক তালাচী চকীৰ দুয়োকাষৰ ৰাষ্ট্ৰীয় ঘাইপথত শশ ট্ৰাক আৱদ্ধ হৈ পৰে ৷ উল্লেখ্য যে পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ দাবীত আজি এবছু,এনডিএফবি (প্ৰ) আৰু পিজেএচিবিএম নামৰ সংগঠনে আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধৰ সময়ছোৱাত বন্ধৰ সমৰ্থককাৰীয়ে জিলাখনৰ কেতবোৰ অঞ্চলত ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।
আন কেতবোৰ অঞ্চলত বন্ধৰ সমৰ্থক কাৰীয়ে দোকান-পোহাৰ বলপূৰ্বক বন্ধ কৰাৰ উপৰিও গাড়ী-মটৰ , মটৰচাইকেল আনকি চাইকেল পৰ্যন্ত চলাচলত বাধা আৰোপ কৰাৰ উপৰিও স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীকো ঘূৰাই পঠিয়ায়৷ মূলত:আজি সংগঠন তিনিটাই আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধত জিলাখনত এক নিমাওমাও পৰিবেশৰ সৃষ্টি হয়৷