কোকৰাঝাৰঃ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ আমোল পৰিৱৰ্তন হোৱা বুলি পৰিৱৰ্তনকামী চৰকাৰৰ বহু চৰ্চিত তথা দক্ষ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰি অহাৰ সময়তে কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম উপস্বাস্থ্য কেন্দ্ৰৰ কোৱাৰ্টাৰত অনৈতিক কাৰ্যকলাপ সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত হৈছে৷ উপস্বাস্থ্য কেন্দ্ৰটোৰ কোৱাৰ্টাৰত অনৈতিক কাৰ্যকলাপ গঢ়ি উঠাৰ পৰিণতিতে অঞ্চলটোৰ পৰিৱেশ বিনষ্ট হৈছে বুলিও অভিযোগ উত্থাপিত হৈছে। 

উল্লেখ্য যে, ফকিৰাগ্ৰাম থানাৰ গাতে লাগি থকা উপস্বাস্থ্য কেন্দ্ৰটোৰ ২২ নং আৱাসগৃহত মনোৱাৰ ৰহমান নামৰ লোক এজনে অবৈধভাৱে দখল কৰি থকাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ ২২ নং আৱাসগৃহটোত দীৰ্ঘদিন ধৰি মদ, জুৱা আৰু নাৰী দেহৰ ৰমৰমীয়া ব্যৱসায় গঢ়ি তুলিছে বুলি অভিযোগ উত্থাপন হৈছে যদিও উপস্বাস্থ্য কেন্দ্ৰটোৰ পৰিচালনা সমিতি আৰু আৰক্ষীয়ে চকু মুদা কুলিৰ ভাওঁ ধৰিছে বুলি অভিযোগ উত্থাপিত হৈছে।

ফকিৰাগ্ৰাম থানাৰ গাতে লাগি থকা উপস্বাস্থ্য কেন্দ্ৰটোৰ ২২ নং আৱাসগৃহত নিশা হলেই সন্দেহযুক্ত যুৱকে প্ৰৱেশ কৰি অনৈতিক কাৰ্যকলাপ লিপ্ত হোৱাৰ অভিযোগ বহুদিনীয়া আৰু তাৰেই সত্যতা বিচাৰি দুপৰীয়া সাংবাদিকৰ দল এটাই ফকিৰাগ্ৰাম উপস্বাস্থ্য কেন্দ্ৰটোৰ আৱাসগৃহত মনোৱাৰ ৰহমানক বিচাৰি যোৱাত মনোৱাৰ ৰহমান ওলটাই সাংবাদিকক হে গালি গালাজ কৰে আৰু তেওঁৰ বিৰুদ্ধে কোনো অভিযোগ নাই বুলি দাবী কৰে৷ 

সাংবাদিকৰ প্ৰশ্নত্তোৰত মনোৱাৰ ৰহমানে তেওঁ কোনোধৰণৰ নাৰী দেহৰ ব্যৱসায়ৰ সৈতে জড়িত নহয় আৰু কোনোৱেই তেওঁৰ বিৰুদ্ধে আঙুলি উঠাব নোৱাৰে বুলি মন্তব্য কৰে যদিও সেই সময়তো আৱাসগৃহটোত সুদুৰ কোচবিহাৰৰ এগৰাকী ৰায় উপাধীৰ যুৱতী আৰু মনোৱাৰৰ সৈতে আন এজন যুৱক কোঠাত সোমাই আছিল৷

স্বাস্থ্য কেন্দ্ৰটোৰ চিকিৎসক প্ৰদীপ কুমাৰ দাসে সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত কয় যে পূৰ্বে মনোৱাৰ ৰহমানক এম্বুলেন্স চালক হিচাপে পৰিচালনা সমিতিয়ে ৰাখিছিল যদিও সম্প্ৰতি উপস্বাস্থ্য কেন্দ্ৰটোত এম্বুলেন্স নথকাত দুবছৰ পূৰ্বেই মনোৱাৰ ৰহমানক বাদ দিয়া হৈছে বুলি মন্তব্য কৰে৷ এইক্ষেত্ৰত পৰিচালনা সমিতি আৰু স্বাস্থ্য কেন্দ্ৰৰ যুটীয়া সঞ্চালককো অৱগত কৰা হৈছিল যদিও মনোৱাৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাই আৰু তেওঁ আজিও আৱাসগৃহটো অবৈধভাবে দখল কৰি আছে বুলি মন্তব্য কৰে চিকিৎসক প্ৰদীপ কুমাৰ দাসে৷

আনহাতে সাংবাদিকৰ সন্মুখত মনোবাৰ ৰহমানৰ পত্নী মিনাৰা বেগমে কয় যে যোৱা ১৭ বছৰ পূৰ্বে সামাজিক নীতি নিয়মানুসাৰে তেওঁলোক দুয়ো বিবাহ পাশত আৱদ্ধ হৈছিল যদিও যোৱা প্ৰায় এবছৰ ধৰি স্বামী মনোৱাৰ ৰহমানে তেওঁৰ ওপৰত নিৰ্যাতন আৰম্ভ কৰাত স্বামীৰ নিৰ্যাতন সহ্য কৰিব নোৱাৰি অৱশেষত পিতৃ গৃহত আশ্ৰয় লয় বুলি মিনাৰা বেগমে অভিযোগ কৰিছে।