
newsnextone.com | কোকৰাঝাৰঃ কোকৰাঝাৰ আৰক্ষী আৰু ১২ নং শিখলাই সেনাৰ ৰেজিমেণ্টে যৌথ অভিযান চলাই কোকৰাঝাৰৰ উত্তৰ হাইজ্ৰাইগুৰীৰ ৩নং ৰাইডৰ পৰা এনডিএফবি(এচ) এগৰাকী দুধৰ্ষ সদস্যক আটক কৰাৰ লগতে আন এগৰাকী লিংকমেনক আটক কৰিবলৈ সক্ষম হৈছে।
বুধবাৰে পুৱতি নিশা চলো অভিযানত কচুগাঁও হাব্ৰুবিলৰ অনচুমা নাৰ্জাৰী (২৬)ওৰফে গালৰ আৰু লিংকমেনগৰাকী হ'ল গোঁসাইগাঁও হাইজ্ৰাইগুৰীৰ সমীৰ নাৰ্জাৰী(২৫) ওৰফে হালাং বুলি কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক টাবুৰাম পেগুৱে সদৰি কৰে৷ আটকাধীন এনডিএফবি(এচ)ৰ সদস্যগৰাকী হ'ল ম্যানমাৰত প্ৰশিক্ষিত তথা এনডিএফবি (এচ)ৰ ৪২নং বেটচৰ সদস্য বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷ আটকাধীন অনচুমা নাৰ্জাৰী আৰু সমীৰ নাৰ্জাৰীৰ জিন্মাৰ পৰা দুটা পিষ্টল, ৯ জাঁই সজীৱ গুলী আৰু দুটা মোবাইল হেণ্ডচেট উদ্ধাৰ কৰা বুলিও সদৰি কৰে আৰক্ষীয়ে।