♦ একপক্ষীয় আছিল বি টি চি চুক্তিঃ এ বি এমছু , আক্ৰাছু

কোকৰাঝাৰঃ বি টি চি চুক্তি পুণৰীক্ষণ আৰু জাতি-জনগোষ্ঠীসমূহৰ অস্তিত্ব ৰক্ষাৰ দাবীত সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, সদৌ চাওতাল ছাত্ৰ সন্থা, সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থা আৰু সদৌ বি টি চি সংখ্যালঘু ছাত্ৰ সন্থাৰ উদ্যোগত কোকৰাঝাৰত শুকুৰবাৰে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

কোকৰাঝাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ কাষৰ শিশু উদ্যানৰ সন্মুখত পুৱা ১১ বজাৰপৰা ২ বজালৈ অনুষ্ঠিত হোৱা ধৰ্ণা কাৰ্যসূচীত উপৰোক্ত পাঁচটা সংগঠনৰ প্ৰায় শতাধিক সদস্যই অংশগ্ৰহণ কৰে। ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰা আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়ে সংবাদ মাধ্যমৰ আগত বি টি চিত অনাবড়োসকলে ৰাজনৈতিক অধিকাৰৰপৰাৰ বঞ্চিত হোৱা বুলি অভিযোগ উত্থাপন কৰি অতি শীঘ্ৰেই বি টি চি চুক্তি পুণৰীক্ষণৰ দাবী তুলিছে।

কেন্দ্ৰীয় চৰকাৰে মাথো এটা জনগোষ্ঠীক সন্তুষ্ট কৰাৰ বাবে বাৰে বাৰে চক্ৰান্ত কৰা বুলি অভিযোগ কৰি বি টি চি চুক্তি স্বাক্ষৰ কৰাৰ সময়ছোৱাত ইয়াত থকা মুষ্টিমেয় জাতি, জনগোষ্ঠীৰ কিছুমান লোকক ভাড়া কৰি বি টি চি চুক্তিত স্বাক্ষৰ কৰি লোৱা বুলি অভিযোগ কৰি অৰুণ কুমাৰ ৰায়ে।

বি টি চি গঠন প্ৰক্ৰিয়া সমপূৰ্ণৰূপে একপক্ষীয় আখ্যা দি বি টি চিত বসবাস কৰা আন আন জাতি, জনগোষ্ঠীৰ লোকে সমউন্নয়ন, সমঅধিকাৰৰপৰা আজিও বঞ্চিত হৈ থকা বুলি অভিযোগ কৰিছে৷

ইপিনে এবি এমছুৰ কোকৰাঝাৰ জিলা সভাপতি জাইদুল ইছলামে বি টি চি চুক্তি একপক্ষীয়ভাৱে সম্পন্ন হোৱা বুলি অভিযোগ কৰি বি টি চি ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ আৰ এম চিক ক্ষুৰধাৰ সমালোচনা কৰে ৷ তেওঁ কয় যে সেই সময়ৰ আৰ এম চিৰ সভাপতি বক্তাৰ আলি আহমেদে নিজ মুনাফাৰ বাবে বি টি চি চুক্তি স্বাক্ষৰ কৰি ইয়াত থকা ধৰ্মীয় সংখ্যালঘু লোকক বহু সমস্যাৰ মাজলৈ ঠেলি দিছে৷

বক্তাৰ আলি আহমেদেে সেই সময়ৰ এটা সংগঠনৰ পৌষ্য পুত্ৰ আছিল আৰু যাৰ বাবে বি টি চি চুক্তিত স্বাক্ষৰ কৰিছিল৷ বক্তাৰ আলি আহমেদে ধৰ্মীয় সংখ্যালঘু ৰাইজক প্ৰতিনিধিত্ব নকৰে বৰঞ্চ নিজ স্বাৰ্থ সিদ্ধিৰ বাবেহে কাম কৰি আহিছে৷ এবি এমছুৰ নেতাগৰাকীয়ে অতি শীঘ্ৰে বি টি চি চুক্তি পুনৰীক্ষণ কৰাৰ দাবী উত্থাপন কৰি কেন্দ্ৰীয় চৰকাৰে ইউ টি চি গঠন কৰাৰ চক্ৰান্তক অতিশীঘ্ৰে বন্ধ কৰাৰো দাবী উত্থাপন কৰিছে।
       

উল্লেখ্যে যে আজি পুৱা ১১ বজাৰপৰা ২ বজালৈ অনুষ্ঠিত হোৱা ধৰ্ণা কাৰ্যসূচীৰ অন্তত জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু গৃহ মন্ত্ৰীলৈ তিনিদফীয়া দাবীৰে এক স্মাৰক-পত্ৰ প্ৰেৰণ কৰে। বি টি চি চুক্তি পুণৰীক্ষণ কৰা, অঞ্চলটোৰ অন্যান্য জনগোষ্ঠীৰ লোকৰ মতামত নোলোৱাকৈ বি টি এ ডি সন্দৰ্ভত কোনো ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণ নকৰা আৰু বি টি এ ডি সমস্যাৰ স্থায়ী সমাধানৰ্থে সকলো খিলঞ্জীয়া সংগঠনক লৈ উচ্চস্তৰীয় আলোচনা অনুষ্ঠিত কৰাৰ তিনিদফীয়া দাবীৰে জিলা উপায়ুক্তৰ জৰিয়তে স্মাৰক-পত্ৰ প্ৰেৰণ কৰে।

আজিৰ ধৰ্ণা কাৰ্যসূচীত নাথ-যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথৰ লগতে পাঁচ সংগঠনৰ শতাধিক কৰ্মী, সদস্যৰ লগতে কেইবাগৰাকী ছাত্ৰনেতাই অংশগ্ৰহণ কৰে৷