কোকৰাঝাৰঃ কোকৰাঝাৰ ৰেল ষ্টেচনৰ নিচেই কাষতে থকা শনি মন্দিৰৰ পূজাৰী এজনক যোৱা নিশা দূৰ্বৃত্তই হানিখুচি হত্যা কৰি নগদ ধন লুটি নিয়া ঘটনাই সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ দুৰ্বৃত্তই অতি নিৰ্মমভাৱে পূজাৰী নিখিল দেৱনাথ (৫৭)ক চোকা অস্ত্ৰ আৰু ৰডেৰে হত্যা কৰি মন্দিৰত থকা প্ৰায় আঢ়ৈ লাখ টকা লুটি লৈ নিৰ্বিঘ্নে ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ 

প্ৰাপ্ত বাতৰি মতে যোৱা নিশা শনি মন্দিৰটোত শনি পূজা উপলক্ষে অগণন ভক্তৰ সমাগম ঘটিছিল৷ নিশা প্ৰায় দুই বজাত মন্দিৰৰ পৰা ভক্তসকল আতৰি যোৱাৰ পিছতেই দুৰ্বৃত্তৰ আগমন ঘটে৷ সেই মতে মুষলধাৰ বৰষুণকো নেওচি ৪ গৰাকী দুৰ্বৃত্তই মুখত ক’লা কাপোৰ পিন্ধি আহি পূজাৰী নিখিল দেৱনাথক হত্যা কৰে৷ 

উল্লেখ্য যে ১৯৮৮ চনতে কোকৰাঝাৰ ৰেল ষ্টেচনৰ নিচেই ওচৰৰ দৈনিক বজাৰৰ কাষত এটি শনি মন্দিৰ স্থাপন কৰা হৈছিল৷ তেতিয়াৰ পৰাই কোকৰাঝাৰ চহৰৰ ২ নং ৱাৰ্ডৰ পাথৰঘাটৰ নিখিল দেৱনাথে উক্ত শনি মন্দিৰটো চোৱাচিতা কৰাৰ উদ্দেশ্যে নিয়োজিত হয়৷ প্ৰায় ২৯ বছৰ ধৰি নিখিল দেৱনাথে শনি মন্দিৰটোৰ চোৱা চিতা কৰা আৰু পূজাৰীক সহায়-সহযোগ কৰাৰ বাবে নিয়োজিত হৈ আহিছিল৷ 

শেহতীয়াকৈ নিখিল দেৱনাথে পত্নী সন্ধ্যাদেৱী (৪৮)ৰ সৈতে শনি মন্দিৰৰ চৌহদতে সৰু পকী ঘৰ বান্ধি আশ্ৰয় লোৱাৰ সমান্তৰালভাৱে মন্দিৰৰ চোৱা-চিতা কৰি আহিছিল৷ কিন্তু যোৱা নিশা প্ৰায় আঢ়ৈ বজাত দুৰ্বৃত্তই এনেদৰে নিখিল দেৱনাথক হত্যা কৰা ঘটনাটোৱে চহৰবাসীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷

লক্ষণীয়ভাৱে দুৰ্বৃত্তৰ দলটোৱে প্ৰথমে নিখিল দেৱনাথৰ পত্নী সন্ধ্যা দেৱীৰ হাত-ভৰি বান্ধি চকুৰ সন্মুখতে স্বামী নিখিল দেৱনাথক অতি নৃশংসভাৱে  হত্যা কৰি টকা লৈ উধাও হোৱালৈ চাই ঘটনাটো পূৰ্ব পৰিকল্পিত আছিল বুলিও একাংশ লোকে সন্দেহ ব্যক্ত কৰিছে৷ 

ইপিনে দুৰ্বৃত্তই হত্যা কৰা নিখিল দেৱনাথ কোকৰাঝাৰ চহৰৰ লটাৰীৰ মুখ্য বিতৰক আছিল বুলিও আন একাংশই ব্যক্ত কৰিছে৷ চহৰখনত বিক্ৰী হোৱা লটাৰীৰ টকাসমূহ প্ৰথমে নিখিল দেৱনাথৰ হাতত জমা হয় আৰু তাৰ পিছতেই টকা সমূহ নিৰ্দিষ্ট ঠাইলৈ পঠাই দিয়ে৷ সেই সূত্ৰে দুৰ্বৃত্তই  টকা লোৱাৰ বাবেই নিখিল দেবনাথক হত্যা কৰিছে বুলি অনুমান কৰিছে বহুতে৷ 

বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আজি পুৱা ১১ বজাত ঘটনাস্থলীত উপস্থিত হৈ ঘটনাটোৰ বুজ লোৱাৰ উপৰিও সকলোকে শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনাইছে৷ লগতে বিটিচি প্ৰধানগৰাকীয়ে দুৰ্বৃত্তই হত্যা কৰা পূজাৰীগৰাকীৰ নিকট আত্মীয়লৈ ২ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে৷ 

আনহাতে বনমন্ত্ৰী প্ৰমিলা ৰানী ব্ৰহ্ময়ো ঘটনাস্থলী পৰিদৰ্শন কৰি উক্ত ঘটনাক গৰিহণা দিয়ে। মন্ত্ৰী ব্ৰহ্মই ৰাজ্য চৰকাৰে ঘটনাটোক গুৰুত্ব সহকাৰে লৈ দোষীক কৰায়ত্ব কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি কয়৷ ইপিনে অসম আৰক্ষীৰ এডিজিপি মুকেশ আগৰৱালাই কোকৰাঝাৰত আহি ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনাটোৰ সৈতে জড়িত থকাৰ অভিযোগত ২জন লোকক সোধ-পোছৰ বাবে আটক কৰিছে বুলি জানিবলৈ দিছে জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে৷

কোকৰাঝাৰ সদৰ চহৰৰ মাজমজিয়াত পূজাৰী হত্যা কৰা ঘটনাক আছুৰ কেন্দ্ৰীয় সহ সম্পাদক নৱজ্যোতি ৰায়, সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথ, এবিএমছুৰ জিলা সভাপতি জাইদুল ইছলাম  আৰু কোকৰাঝাৰ জিলা নাথ যোগী সন্মিলনীৰ সভাপতি নজেন নাথে ঘটনাটোক গৰিহণা দি দোষীক কঠোৰ শাস্তি দিয়াৰ দাবী উত্থাপন কৰিছে।

পৃথক বিবৃতিত উল্লেখিত সংগঠনকেইটাই ঘটনাটোক লৈ যাতে কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি নহয় তাৰ প্ৰতিও সতৰ্ক দৃষ্টি ৰাখিবলৈ তথা শান্তি-সম্প্ৰীতি অটুট ৰাখিবলৈ সকলো পক্ষৰ প্ৰতি আহ্বান জনাইছে।