কোকৰাঝাৰঃ তিনিচুকীয়াৰ খেৰবাৰীত পাঁচজনকৈ নিৰীহ লোকক শূন্য দূৰত্বৰপৰা গুলিয়াই হত্যা কৰাৰ পাছতে ক্ৰমাত উত্তপ্ত হৈ পৰিছে ৰাাজ্যৰ সামগ্ৰিক পৰিৱেশ। ইতিমধ্যে আলফা (স্বাধীন) এক বিবৃতিযোগে তিনিচুকীয়া ঘটনাৰ সৈতে তেওঁলোকৰ সংগঠন জড়িত নহয় বুলি দাবী কৰেছে যদিও একাংশ সংগঠনে ইয়াক মানি লোৱা নাই।

আলফা (স্বাধীন) আৰু যুদ্ধবিৰত আলফাৰ কোনো পাৰ্থক্য নাই বুলিও বেংগলী সংগঠসমূহে অভিযোগ উত্থাপন কৰিছে । খেৰবাৰীত সংগঠিত হোৱা ক্ষোভৰ বহি:প্ৰকাশ স্বৰূপে আজি কোকৰাঝাৰত বি টি চি বেংগলী যুব ছাত্ৰ পৰিষদে আলফাৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

কোকৰাঝাৰ সদৰ চহৰৰ আৱৰ্ত ভৱনৰ নিকটত বি টি চি যুব ছাত্ৰ পৰিষদৰ শতাধিক সদস্যই খেৰবাৰীৰ ঘটনাৰ সতে আলফা জড়িত থকাৰ অভিযোগ তুলি আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা, যুদ্ধবিৰত আলফাৰ জিতেন দত্ত আৰু মৃণাল হাজৰিকাৰ পুত্তলিকা দাহ কৰে। আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা, যুদ্ধবিৰত আলফাৰ জিতেন দত্ত , মৃণাল হাজৰিকাক গ্ৰেপ্তাৰ কৰি তিনিওকে ফাঁচিকাঠক ওলোমাবলৈও বিটিচি বেংগলী যুব ছাত্ৰ পৰিষদে দাবী উত্থাপন কৰিছে। 

ইপিনে তিনিচুকীয়াৰ খেৰবাৰীত সংঘটিত হোৱা বৰ্বৰ-কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দি এবছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কখনক লৈয়ে বিভিন্ন দল-সংগঠনৰ মাজত উত্তপ্ত তৰ্ক-বিতৰ্ক আৰু চৰকাৰৰ নীৰৱ ভূমিকাৰ বাবেই সংঘটিত হোৱা বুলি অভিযোগ কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী জনায়।

খেৰবাৰীত সংঘটিত হোৱা বৰ্বৰ-কাণ্ডৰ তীব্ৰ গৰিহণা দি দোষীক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথ, বি টি এ ডি নাথ যোগী সন্মিলনীৰ সভাপতি প্ৰকাশানন্দ নাথ, আক্ৰাছুৰ উপদেষ্ঠা হিতেশ্বৰ বৰ্মণ, আৰ এম চিৰ সম্পাদক আইনাল হক আদিকে ধৰি কেইবাটাও দল-সংগঠনৰ নেতৃবৰ্গই । 

আনহাতে তিনিচুকীয়াৰ নৰসংহাৰ সম্পূৰ্ণভাৱে ৰাজনৈতিক উদেশ্যপ্ৰণোদিত বুলি মন্তব্য কৰিছে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা ইউ পি পি এলৰ সভাপতি উৰ্খাও গৌৰা ব্ৰহ্মই। উক্ত হত্যাকাণ্ডৰ আঁৰত থকা শক্তিসমূহক এন আৰ চি আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিতৰ্কই পৰিৱেশ ৰচনা কৰি দিলে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি নৰসংহাৰৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে দায়ী বুলি মত প্ৰকাশ কৰিছে ।

এন আৰ চি আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ দৰে স্পৰ্শকাতৰ বিষয়ক লৈ ৰাজ্যখন উত্তপ্ত হৈ থকাৰ পাছতো চৰকাৰে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা নাছিল বুলি অভিযোগ কৰে ব্ৰহ্মই।

ইপিনে আজি বিয়লি কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলা উপায়ুক্ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত শান্তি সভা অনুষ্ঠিত হয়। এবছু, আছা, আক্ৰাছুকে ধৰি কেইবাটাও সংগঠনৰ প্ৰতিনিধি উপস্থিত থকা উক্ত শান্তিসভাত তিনিচুকীয়া ঘটনাৰ আলম লৈ যাতে জিলাখনত কোনোধৰণৰ অশান্তিময় পৰিৱেশৰ সৃষ্টি নহয় তাৰ প্ৰতি সহমত পোষণ কৰে । 

আনহাতে আজি সন্ধিয়া ৫:৩০ বজাত বি টি চি বেংগলী যুব ছাত্ৰ পৰিষদৰ উদ্যোগত তিনিচুকীয়া ঘটনাৰ প্ৰতিবাদত সহস্ৰাধিক পুৰুষ-মহিলাই বাঙালী জাতি জিন্দাবাদ, বাঙালী ভাষা জিন্দাবাদ আদি লিখা বেনাৰ-ফেষ্টুন লৈ কোকৰাঝাৰত শান্তি সমদল বাহিৰ কৰে।