
কোকৰাঝাৰঃ বিটিচিৰ সদৰ কোকৰাঝাৰ চহৰৰ মাজমজিয়াত ১৯৯৫ চনত স্থাপন হোৱা কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়খনৰ নৱাগত অাদৰণি সভাখন আজি অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ সহযোগী অধ্যাপিকা গাৰ্গি মুছাহাৰীয়ে অাঁতধৰা অনুষ্ঠানটোত শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ ড০ আৰ.এন সিনহাই সভাপতিত্ব কৰে।
♦ অধ্যায়নত মনোযোগ দিবলৈ আহ্বান সাংসদ বিশ্বজিৎ দৈমাৰীৰ
নৱাগত অাদৰণি সভাত মুখ্য অতিথি ৰূপে ৰাজ্যৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত অাৰু সন্মানীয় অতিথি হিচাপে কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি তথা ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী আৰু বড়ো মহিলা কল্যাণ পৰিষদ ( আবৌফ) ৰ প্ৰাক্তন নেত্ৰী কাননৱালা বসুমতাৰী উপস্থিত থাকে।
মহাবিদ্যালয়ৰ শিক্ষাৰ্থী একতা সভাৰ সাধাৰণ সম্পাদিকা বিথুনী বসুমতাৰীয়ে আদৰণি ভাষণ ৰাখে। নৱাগত অাদৰণি সভাৰ প্ৰাকক্ষণত মন্ত্ৰী কেশৱ মহন্তই উক্ত মহাবিদ্যালয়ৰ চোপিষ্টিকেটত এনালায়টিকেল এঞ্চট্ৰুমেন্টেছন ফেচিলিটি চমুকৈ এছ. এ. আই. এফৰ আধাৰশিলা স্থাপন কৰাৰ পিছতেই কলেজ খনৰ নতুন গ্ৰন্থাগাৰ পৰিদৰ্শন কৰে।
মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰা মতে কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ে যিদৰে পদক্ষেপ গ্ৰহণ কৰি শিক্ষাৰ্থী সকলক শিক্ষাৰে উন্নত কৰাৰ চেষ্টা চলাই আহিছে সেয়া প্ৰশংসনীয়। তদুপৰি বিটিচিৰ প্ৰাণ কেন্দ্ৰ কোকৰাঝাৰত অতি শীঘ্ৰে তাৰকাগৃহ আৰু বিজ্ঞান কেন্দ্ৰ উদ্ধোধন কৰা হ'ব আৰু এই কেন্দ্ৰৰ দ্বাৰা উত্তৰ-পূৱৰ বিজ্ঞানৰ প্ৰতি আগ্ৰহীসকল উপকৃত হ'ব বুলি কয় মন্ত্ৰী গৰাকীয়ে।
তেওঁ নিজৰ ভাষণত গুৱাহাটীৰ আমিনগাঁৱত এশ দহ কোটি ব্যয় সাপেক্ষে বিজ্ঞান নগৰ আৰু উত্তৰ পূৱত বায়'টেক পাৰ্ক স্থাপন কৰা হ'ব বুলিও সদৰী কৰে। আনহাতে কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়তো ভাৰ্চুৱেল ক্লাছ ৰূম স্থাপনৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰে মন্ত্ৰী কেশৱ মহন্তই।
ইপিনে নৱাগতা অাদৰণি সভাত শিক্ষাৰ্থীসকলক উদ্দেশ্যি ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে কয় যে শিক্ষাৰ্থীৰ মূল কাম অধ্যয়ন কৰা, সেয়ে ভৱিষ্যতে সুনাগৰিক হ'বলৈ হ'লে কেৱল অধ্যয়নতেই মনযোগ দিব লাগিব বুলি মন্তব্য কৰে৷