
কোকৰাঝাৰঃ বৃহস্পতিবাৰে যেন যুদ্ধ ক্ষেত্ৰত হে পৰিণত হ’ল বিটিএডিৰ সদৰ কোকৰাঝাৰ৷ পুৱাই জিলা খনৰ শ শ সংখ্যালঘু পুৰুষ-মহিলাই ৰাজ পথলৈ ওলাই অহাৰ পিছতে সস্তম হৈ পৰে আৰক্ষী-চিআৰপিএফ৷ ৰেল পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিব অহা শ শ পুৰুষ-মহিলাক নিৰাপত্তাবাহিনীয়ে বাধা প্ৰদান কৰাত প্ৰতিবাদকাৰীসকলে নিৰাপত্তাবাহিনীৰ সতে হতাহতিত লিপ্ত হয়৷
তাৰ পিছতে লাঠীচালনা, ৰাবাৰ বুলেট, কন্দুৱা গেছ প্ৰয়োগ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব ল’গা হয় প্ৰশাসনে৷ এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডই প্ৰায় তিনিমাহ অতিক্ৰম কৰাৰ পিছতো হত্যাকাৰীক আটক কৰিব নোৱোৰাত তথা আৰক্ষীয়ে হত্যাকাৰীৰ পৰিচয় ৰাজহুৱা নকৰাৰ প্ৰতিবাদত বৃহস্পতিবাৰে এবিএমছুৰ উদ্যোগত সহস্ৰাধিক সংখ্যালঘু জনতাই কোকৰাঝাৰ জিলাৰ ছালাকাটি ৰেলৱে ষ্টেছনত ৰেলপথ অৱৰোধ কৰিবলৈ আগে৷
নিৰাপত্তাবাহিনীয়ে প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰাত সংঘৰ্ষৰ সূত্ৰপাত হয়। কেবা সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে পুৱাৰে পৰা ছালাকাটি ৰেলৱে ষ্টেছনত ৰেলপথ অৱৰোধৰ প্ৰচেষ্ঠা চলোৱাত নিৰাপত্তাবাহিনীয়ে পোণ প্ৰথমে ৰেলপথ অৱৰোধ কৰিবলৈ প্ৰচেষ্টা চলোৱা পিকেটিংকাৰীসকলক বাধা প্ৰদান কৰে । নিৰাপত্তাবাহিনীয়ে প্ৰতিবাদী জনতাক বাধা প্ৰদান কৰাত প্ৰতিবাদকাৰীসকলে নিৰাপত্তাবাহিনীৰ সতে হতাহতিত লিপ্ত হয়। তৰ্ক-বিতৰ্ক, হতাহতিয়ে এটা সময়ত চৰম পৰ্যায় পায় আৰু পৰিণতিত পৰিস্থিতি উত্তপ্ত হৈ পৰে।
পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ নিৰাপত্তাৰক্ষীয়ে প্ৰথমে লাঠীচালনা কৰাত পৰিস্থিতি অধিক উত্তেজনাময় হৈ পৰে আৰু প্ৰতিবাদকাৰীসকল ওলোটাই নিৰাপত্তাবাহিনীলৈ লক্ষ্য কৰি শিলাবৰ্ষণ আৰম্ভ কৰে। পৰিস্থিতিৰ নিয়ন্ত্ৰণ কৰিবলৈ অৱশেষত বাধ্য নিৰাপত্তাবাহিনীয়ে প্ৰতিবাদকাৰীসকললৈ লক্ষ্য কৰি কন্দুৱা গেছ, ৰাবাৰ বুলেট নিক্ষেপ কৰাত প্ৰতিবাদকাৰীসকল ছত্ৰভংগ দিয়ে। লাঠীচালনা, কন্দুৱা গেছ প্ৰয়োগ আৰু ৰাবাৰ বুলেট নিক্ষেপ কৰাত পুৰুষ মহিলাকে ধৰি কমেও অৰ্ধশতাধিক প্ৰতিবাদকাৰী আহত হয়।
আনহাতে প্ৰতিবাদকাৰীৰ শিলাবৰ্ষণত কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক টাবুৰাম পেগু সামান্য পৰিমাণে আহত হোৱাৰ লগতে আন ৬-৭ গৰাকী নিৰাপত্তাবাহিনীৰ জোৱানো আহত হয়। আনহাতে এগৰাকী চিআৰপিএফ জোৱানে লাফিকুল ইছলাম আহমেদৰ ভগ্নী মঞ্জুমা আহমেদক প্ৰহাৰ কৰি আহত কৰে। নিৰাপত্তাৰক্ষীৰ প্ৰহাৰত তথা পদপিষ্ট হৈ আহত হোৱা অৰ্ধ শতাধিক প্ৰতিবাদকাৰীৰ ভিতৰত কেবাজনৰ অৱস্থা সংকটজনক আৰু আহতসকল কোকৰাঝাৰ, চিৰাং, বঙাইগাঁওৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
আৰক্ষীৰ প্ৰহাৰত আহত হোৱা শ্বাহআলম আলি, ছহিদুল ইছলাাম, কেৰামত আলিৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ঘটনাৰে জড়িত থকাৰ অভিযোগত ইতিমধ্যে ৪২গৰাকী প্ৰতিবাদকাৰীক আটক কৰিছে। ইপিনে উক্ত ঘটনাৰ পিছতে এবিএমছুৰ সহকাৰী সাধাৰণ সম্পাদক মইনুদ্দিন আলিয়ে ছালাকাটিত সংঘটিত হোৱা উত্তেজনামুলক পৰিস্থিতিৰ বাবে আৰক্ষীকে দোষাৰোপ কৰে। আৰক্ষীয়ে খাপ পিটি থাকি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আন্দোলন কৰিবলৈ যোৱা পুৰুষ-মহিলাক নিৰ্বিচাৰে লাঠীচালনা, গুলীচালনা আৰু কন্দুৱা গেছ নিক্ষেপেৰে আহত কৰে।
আৰক্ষীয়ে অতি বৰ্বৰতাৰে শিশুৰ পৰা আৰম্ভ কৰি ৮০ বছৰীয়া বৃদ্ধকো প্ৰহাৰ কৰে। তদুপৰি আৰক্ষী-নিৰাপত্তাৰক্ষীৰ জোৱানসকলে খেদি খেদি মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে মইনুদ্দিন আলিয়ে। প্ৰায় তিনিমাহ অতিক্ৰম কৰাৰ পিছতো লাফিকুলৰ হত্যাকাৰীক কৰায়ত্ব কৰিব নোৱাৰা আৰক্ষীয়ে নিৰীহৰ ওপৰত লাঠীচালনাৰে বীৰত্ব প্ৰদৰ্শন কৰিছে বুলি কটুক্তি কৰি এজন মুছলমান লোক জীয়াই থকালৈকে লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক কৰায়ত্ব কৰাৰ দাবীত আন্দোলন অব্যাহত থাকিব বুলি সদৰি কৰিছে মইনুদ্দিন আলিয়ে। তেওঁ অতি শীঘ্ৰে কোকৰাঝাৰৰ আৰক্ষী অধীক্ষকক বৰ্খাস্ত কৰাৰো দাবী উত্থাপন কৰে।
তদুপৰি অতিশীঘ্ৰে এবিএমছুৰ কাৰ্যনিৰ্বাহক সভাৰ জৰিয়তে সন্থাই পৰবৰ্তী আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিব বুলি মইনুদ্দিন আলিয়ে সদৰি কৰে। আনহাতে এবিএমছুৰ প্ৰয়াত সভাপতি তথা লাফিকুল ইছলামৰ আহমেদৰ ভগ্নী মঞ্জুমা আহমেদে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি লাফিকুলৰ হত্যাকাৰীক কৰায়ত্ব কৰিব নোৱাৰাটো চৰকাৰৰ ব্যৰ্থতা বুলি প্ৰকাশ কৰে। হত্যাকাৰী কৰায়ত্ব নোহোৱা পৰ্যন্ত তথা ন্যায় নোপোৱালৈকে আন্দোলন অব্যাহত থাকিব বুলি সদৰি কৰি মঞ্জুমাই শান্তিপূৰ্ণ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে পুৰুষ নিৰাপত্তাৰক্ষীয়ে তেওঁক বৰ্বৰতাৰে লাঠীচালনা কৰাৰ লগতে আৰক্ষীয়ে তেওঁক গুলীয়াই হত্যা কৰাৰো ভাবুকি প্ৰদান কৰা বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰে।
ছালাকাটি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে "সৌ ছোৱালীজনীক মাৰিব লাগে" বুলি দেখুৱাই দিয়াৰ পিছতে পুৰুষ নিৰাপত্তাৰক্ষীয়ে তেওঁৰ ওপৰত জপিয়াই পৰে বুলি মঞ্জুমা আহমেদে সদৰি কৰি আৰক্ষীয়ে একপক্ষীয়ভাৱে তেওঁলোকৰ ওপৰত জপিয়াই পৰা বুলি মত ব্যক্ত কৰিছে। এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক কৰায়ত্ব তথা হত্যাকাৰীৰ পৰিচয় ৰাজহুৱা কৰাৰ দাবীত ছালাকাটি ৰেল ষ্টেছনত এবিএমছুৰ উদ্যোগত সহস্ৰাধিক জনতাই ৰেলপথ অৱৰোধ কৰিব লওঁতেই সৃষ্টি হোৱা উত্তপ্ত পৰিৱেশ অদ্যপি শাম কটা নাই।
ঘটনাস্থলীত বহুলোকৰ মোবাইল, জোতা, চেন্দেল, কাপোৰ কানি ছেদেলি ভেদেলি হৈ পৰি আছে। অৱশ্যে পিছত মোবাইলসমুহ আৰক্ষীয়ে জব্দ কৰে। ঘটনাৰ পিছতে ছালাকাটিৰ দোকান পোহাৰ সমুহ স্বতৰ্ফূৰ্তভাৱে বন্ধ হৈ পৰে। বহু সংখ্যক সাধাৰণ জনতা আৰক্ষীৰ ভয়ত ভীতিগ্ৰস্ত হৈ ইতিমধ্যে নিৰাপদ স্থানত আত্মগোপন কৰিছে। ছালাকাটিত বহুসংখ্যক নিৰাপত্তাৰক্ষীৰ উপস্থিতিৰ ফলত জনসাধাৰণ আতংকিত হৈছে আৰু ঘটনাস্থলীৰ আশে পাশে এক নিমাওমাও পৰিৱেশ বিৰাজ কৰিছে যদিও সমগ্ৰ অঞ্চলটোত এক চেপা উত্তেজনাই বিৰাজ কৰিছে।