
কোকৰাঝাৰঃ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ হতাহতিত প্ৰায় ৫০ গৰাকী এবিএমছুৰ প্ৰতিবাদকাৰী গুৰুতৰ ভাবে আহত হয়৷ আনহাতে আৰক্ষীয়ে প্ৰায় ৫০গৰাকী প্ৰতিবাদকাৰীক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে থানাত আৱদ্ধ তথা আটক কৰে৷ বৃহস্পতিবাৰে পুৱাই কোকৰাঝাৰ অঞ্চলৰ কেইবাশতাধিক লোকে প্ৰতিবাদ কৰিবলৈ ওলাই আহে৷
আততায়ীৰ গুলীত নিহত এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক আটক কৰাৰ দাবীত বৃহস্পতিবাৰে এবিএমছুৱে কোকৰাঝাৰ জিলাৰ ছালাকাটিত ৰেলপথ অৱৰোধ কৰিবলৈ লওঁতেই নিৰাপত্তাবাহিনীৰে সংঘৰ্ষৰ সূত্ৰপাত হয়।
এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলামৰ আহমেদৰ হত্যাকাৰীক কৰায়ত্ব কৰাৰ দাবীত আজি এবিএমছুৰ উদ্যোগত ছালাকাটি ৰেল ষ্টেছনত কেবাশতাধিক প্ৰতিবাদকাৰীয়ে ৰেলপথ অৱৰোধ কৰিবলৈ লওতেই প্ৰতিবাদকাৰীসলকৰ ওপৰত নিৰাপত্তাৰক্ষীয়ে লাঠীচালনা, কন্দুৱা গেছ আৰু ৰাবাৰ গুলী নিক্ষেপ কৰে। ফলত গুৰুতৰ ভাবে আহত হয় ৫০ গৰাকী লোক বৰ্তমান স্থানীয় চিকিসালয়ত চিকিসাধীন হৈ আছে৷
আনহাতে আৰক্ষ্ষীয়ে প্ৰায় ৫০গাৰীক পিকেটিঙকাৰীক আটক কৰি থানাত আৱদ্ধ কৰে৷ প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ বেহুফালি ৰেলপথ অৱৰোধ কৰিবলৈ লওঁতেই এক উত্তেজনাৰ সৃষ্টি হয় আৰু নিৰাপত্তাৰক্ষীৰ স’তে প্ৰতিবাকাৰীসকলে হতাহতি আৰম্ভ কৰে। ফলত নিৰাপত্তাৰক্ষীয়ে প্ৰতিবাদকাৰীসকলৰ ওপৰত লাঠীচালনা, ৰাবাৰ গুলী আৰু কন্দুৱা গেছ নিক্ষেপ কৰে। প্ৰত্যুত্তৰত প্ৰতিবাকাৰীসকলে নিৰাপত্তাৰক্ষীলৈ লক্ষ্য কৰি শিলাবৰ্ষণ কৰে।