
নগাঁওঃ নগাওঁ জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত ৰাইদঙীয়াৰ নসত্ৰ নিৱাসী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী কুসুম কুমাৰী বৰাৰ সোমবাৰে নিশা ২.৩৫ বজাত নিজ বাসগৃহত মৃত্যু হয়। বৰাৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৬৭৷
বিগত কেইবামাহো ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ থকা নসত্ৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষয়িত্ৰী হিচাপে অৱসৰ গ্ৰহন কৰা সৰবৰহী, ধৰ্মপৰায়ণ মহিলাগৰাকীৰ বিয়োগত গভীৰ শোকৰ ছাঁ পৰে৷ দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷ মৃত্যুৰ সময়ত তেওঁ স্বামী, এজন পুত্ৰ, দুই জীয়ৰী সহ অসংখ্য ইষ্ট কুটুম্বক ইহ সংসাৰত এৰি থৈ যায়।