লখিমপুৰঃ অসমৰ ছয় জনগোষ্ঠী জনজাতীকৰণৰ বিৰুদ্ধে শুকুৰবাৰে ২৪ ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ লখিপুৰতো পৰা দেখা যায়৷ 

লখিমপুৰ জিলাৰ নাৰায়ণপুৰত নগাঁওৰপৰা লখিমপুৰ অভিমুখী এখন ব্যক্তিগত বাহনত বন্ধ সমৰ্থকে শিল দলিয়াই বাহনখনৰ বৃষ্টৰ ক্ষতি সাধন কৰে। 

লগতে জিলাখনৰ পহুমৰা তিনিআলিটো টায়াৰ জ্বলাই প্ৰতিবাদ সাবস্ত্য কৰা পৰিলক্ষিত হয়। বন্ধৰ ফলছোৱাত দুকান-পোহাৰ শিক্ষা-প্ৰতিস্থান খোলা থাকে যদিও দূৰণি বটিয়া যান-বাহন চলাচল সম্পূৰ্ণ ৰূপে বন্ধ বুলি জানিব পৰা গৈছে৷