18
Feb
2019

লখিমপুৰঃ দেওবাৰে অনুষ্ঠিত হৈ যোৱা লখিমপুৰত যুৱ মৰ্চা মহাসমাৱেশত ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় সভাপতি অমিত শ্বাহ উপস্থিত থাকে৷
তেওঁ ভাষনৰ প্ৰসংগত ২০১৯ ৰ নিৰ্বাচনত বি জে পি জয়ী হ’লে নাগৰিকত্ব সংশোধনী ২০১৬ বিধেয়কখন উথাপন কৰিব বুলি কয়।
তাৰ প্ৰতিবাদত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ লখিমপুৰ জিলা সমিতিয়ে লখিমপুৰত অমিত শ্বাহৰ প্ৰতিকৃতি দাহ কৰি অমিত শ্বাহ মূৰ্দাবাদ আৰু বিভিন্ন ধৰনৰ চৰকাৰ বিৰোধী শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।