
চৰাইদেউঃ উজনি অসমত তেল চুৰি এক নিয়মিত ঘটনাত পৰিণত হৈছে৷ তেল চুৰি কাণ্ডৰ ফলত টেংকাৰ জ্বলি কেইবাবাৰো দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত ধন-জনৰ ক্ষতি হৈ আহিছে৷ প্ৰশাসনে তেল চুৰি কাৰ্যৰ সৈতে জড়িত লোকসকলক নাকি লগাবলৈ অহৰহ চেষ্টা অব্যাহত ৰখাৰ সময়তে চৰাইদেউ জিলাৰ আৰক্ষীৰ অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় চাৰি তেল চোৰক।
তেল আৰু প্রাকৃতিক গেছ নিগমৰ লাকুৱা জিজি এচ-১ৰ সমীপত কণ্ডেঞ্চাৰ তেলৰ পাইপ ফুটাই তেল চুৰ কৰা চক্রৰ মূল নায়ক চলা পথাৰৰ ধৰ্মেন্দ্র গগৈৰ লগতে সহযোগি ৩নং ভেলগুৰি গাঁৱৰ মন্দীপ ফুকন, ৩ লাকুৱাৰ পাপু চৌধুৰী, ৩নং ভেলগুৰি দেৱজিৎ খাৰীয়াক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।
তেল চুৰি চক্ৰটোৰ মূল নায়ক ধৰ্মেন্দ্র গগৈ এজন তেল আৰু প্রাকৃতিক গেছ নিগমৰ ঠিকাদাৰ। প্রতিষ্ঠানটোৰ কৰ্মচাৰীৰ সৈতে অ এন জি চিৰ নিৰাপত্তাৰক্ষীক মেনেজ কৰি তেল চুৰি কাৰ্য সংঘটিত কৰি আহিছিল চক্ৰটোৱে। লাকুৱা আৰক্ষীয়ে চাৰি চোৰক সোধ-পোছ অব্যাহত ৰাখিছে।