যোৰহাটঃ পূব যোৰহাটৰ মেলেং ফেচুৱালত শনিবাৰে নিশা মহিলা সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত এখন লালী গুৰ কঢ়িওৱা মিনিট্ৰাক জব্দ কৰি আৰক্ষীক চমজাই দিয়ে। উল্লেখ্য যে যোৰহাটৰ টিয়কৰ বিভিন্ন অঞ্চলত বৈধ-অবৈধ দেশীয় সুৰা, বিলাতী সুৰা প্ৰচলন বৃদ্ধি পাবলৈ ধৰাত মহিলা সমিতিকে ধৰি বিভিন্ন সংগঠনে ইয়াৰ প্ৰতিবাদ জনাই আহিছিল।

শনিবাৰে নিশা ফেচুৱাল অঞ্চলৰ ৰাজখোৱা নামৰ এজন ব্যক্তিৰ ঘৰৰপৰা এই লালী গুৰ খিনি সৰৱৰাহ কৰাত মহিলা সকল একত্ৰিত হৈ গাড়ীখন জব্দ কৰিবলৈ সক্ষম হয়।