
লালুকঃ কৰুণাবাৰী ব্লক কংগ্ৰেছৰ উদ্যোগত লালুকত আজি প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জন্ম জয়ন্তী উদ্যাপন কৰা হয়৷ কাৰ্যসূচীত জিলা মহিলা কংগ্ৰেছ ৰ সভানেত্ৰী হাফিজা বেগম, যুবনেতা পংকজ শইকীয়া, হেমন্ত দত্ত তথা যুব কংগ্ৰেছ, মহিলা কংগ্ৰেছৰ কৰ্মী সকল উপস্থিত থাকে৷
প্ৰয়াত প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ জন্ম শতবাৰ্ষিকী উপলক্ষে দেওবাৰে লালুকত কৰুণাবাৰী ব্লক কংগ্ৰেছৰ উদ্যোগত কংগ্ৰেছ নেতা-কৰ্মীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক স্মৰণ কৰে৷ কৰুণাবাৰী ব্লক কংগ্ৰেছৰ নেতা-কৰ্মীয়ে প্ৰয়াত প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ মৃত্যু দিনটোক স্মৰণ ইন্দিৰা গান্ধী অমৰ হোৱাৰ কামান কৰে৷
সভাত প্ৰয়াত ইন্দিৰা গান্ধীৰ বাল্যকাল, ৰাজনৈতিক জীৱন আৰু আততায়ীৰ গুলীত শ্বহীদ হোৱাৰ ঘটনা বিতংকৈ আলোচনা কৰা হয়৷ কাৰ্যসূচীত মহিলা কংগ্ৰেছৰ নেত্ৰী হাফিজা বেগম, যুৱনেতা পংকজ শইকীয়া, হেমন্ত দত্ত তথা যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছৰ কৰ্মী সকল উপস্থিত থাকে৷