অভয়াপুৰীঃ মঙলবাৰে অভয়াপুৰীত বিশ্ব ভূমি দিৱস পালন কৰা হয়৷ বঙাইগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত কলা পৰিষদ ভৱনত অনুষ্ঠিত ভূমি দিৱসত বঙাইগাঁও জিলা উপায়ুক্ত বিশ্বজিৎ পেগু উপস্থিত থাকি ২০২২ত কৃষি ক্ষেত্ৰত উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে অসম চৰকাৰে প্ৰতিটো আত্মসহায়ক গোটক মুখ্যমন্ত্ৰী গ্ৰাম্য যোজনাৰ অধীনত একোখনকৈ ট্ৰেক্টৰ প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে।

জিলা উপায়ুক্তগৰাকীয়ে জিলা খনৰ সমূহ কৃষকক প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিৰ অন্তৰ্ভুক্ত হবলৈ আহ্বান জনায়৷ কিয়নো প্ৰাকৃতিক দুৰ্যোগ অথবা অন্যান্য কাৰণৰ বাবে কৃষকক ক্ষতিগ্ৰস্থ হলে উক্ত আঁচনিৰ অধীনত কৃষকসকলে ক্ষতিপূৰণ লাভ কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে।

আনপিনে জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ বঙাইগাঁৱৰ বিজ্ঞানী ড০ চিন্ময় শৰ্মাই কৃষি ভূমিত কিমান পৰিমাণৰ সাৰ প্ৰয়োগ কৰিব লাগে আৰু কেনেদৰে কৃষিজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধি কৰি কৃষক লাভৱান কৰিব পাৰে তাৰ বাবে কৃষি ভূমি পৰীক্ষা কৰি ভূমি স্বাস্থ্য পত্ৰ বিতৰণৰ উদ্দেশ্যে এই সভাৰ আয়োজন কৰা হৈছে বুলি উল্লেখ কৰে।

প্ৰায় পাঁচ শতাধিক কৃষক-ৰাইজ উপস্থিত থকা সভাখনত কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ড০ সুনীল পাল, জিলা পৰিষদৰ সভানেত্ৰী লীনা সিংহ আৰু জিলা কৃষি বিষয়া লক্ষেশ্বৰ ৰায় উপস্থিত থাকে। ভূমি স্বাস্থ্য পত্ৰ আঁচনি সভাত জিলা কৃষি বিজ্ঞান কেন্দ্ৰই প্ৰায় ৫০০গৰাকী কৃষকক ভূমি স্বাস্থ্য পৰীক্ষা পত্ৰ প্ৰদান কৰে।