huffingtonpost.com
huffingtonpost.com

লংকাঃ এয়া যেন উৎসৱৰ বতৰ৷ দুৰ্গা পূজা, দীপাৱলী, কাতি বিহুৰ পিছত এইবাৰ আহিল ৰাস মহোৎসৱ৷ উজনি-নামনিত এতিয়া সৰ্বত্ৰে ব্যস্ততা ৰাসক লৈ৷

মৃৎ শিল্পী ব্যস্ত মৃন্ময় মুৰ্ত্তী নিৰ্মাণত৷ আখৰাত ব্যস্ত যুৱতী৷ শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱলৈ মাজত মাথো আৰু কেইটামান দিন বাকী৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনাদৰ্শ সংপৃক্ত বৈষ্ণৱ সংস্কৃতিৰ অনবদ্য অৱদান ৰাস, ভাওনাকলৈ এতিয়া ৰাজ্যজুৰি চলিছে পূৰ্ণ প্ৰস্ততি৷

পিছ পৰি ৰোৱা নাই লংকাৰ কাকী অঞ্চল৷ সমগ্ৰ হোজাই জিলাৰ ভিতৰত অন্যতম সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ স্বৰূপ লংকাৰ কাকীত ৰাসমহোৎসৱক লৈ দেখা গৈছে ব্যাপক প্ৰস্তত। বিগত বৰ্ষসমূহৰ দৰে এই বেলিও অহা ১০ আৰু ১১ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে ফৰিং ফুটা জোনাকত ৰাস মহোৎসৱ উদযাপনৰ বাবে পূৰ্ণ প্ৰস্তুতি চলি থকা পৰিলক্ষিত হৈছে৷

আৱাল, বৃদ্ধ বনিতা সকলো এতিয়া মাথো ব্যস্ত হৈ পৰিছে ৰাসৰ আখৰাত৷ কোনোৱে যদি লৈছে শ্ৰী কৃষ্ণ ভাও, আন কোনোৱে লৈছে ৰাধা, শংখচূড়, যশোদাৰ ভাও৷ দিন ৰাতি একাকাৰ কৰি সকলো ব্যস্ত এতিয়া ৰাসৰ আখৰাত৷ এতিয়া খোল, তাল, বাহীৰ সুৰত যেন দ্বিতীয় বৃন্দাবনত পৰিণত হৈছে কাকমাৰী অঞ্চল৷