
newsnextone.com | তামুলপুৰঃ দেশৰ উন্নয়নৰ বাবে শাসনাধিষ্ঠিত চৰকাখনে বহু আঁচনিৰ প্ৰৱৰ্তন কৰিছে ঠিকেই কিন্তু আজিও সেই আঁচনি সমূহে চুব পৰা নাই বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তত অৱস্থিত এটা অঞ্চলক।
আজিৰ তাৰিখতো নলা-নৰ্দমাৰ পানীয়েই একমাত্ৰ সাৰথি অঞ্চলবাসীৰ বাবে। ভাৰত-ভূটান সীমান্তত অৱস্থিত তামুলপুৰ মহকুমাৰ অন্তৰ্গত বগাজুলী অঞ্চলৰ গনেশগুৰি, চিগুনতলা আদিকে ধৰি প্ৰায় ৫ খন গাঁৱৰ ৰাইজৰ বাবে এটুপি বিশুদ্ধ খোৱা পানী এতিয়াও সপোন হৈয়ে ৰৈছে।
নাদৰ লেতেৰা পানী খাই দুৰ্বিষহ জীৱন পাৰ কৰিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে। উপায়হীন হৈ অঞ্চলটোৰ ৰঙিয়া-ভূটান পথৰ ওপৰত অৱস্থিত পকী দলঙৰ তলেৰে যোৱা MESৰ বাবে যোগান ধৰা পাইপৰ ফুটাৰ লিকেৰে সৰকা পানী সেৱন কৰি দিন অতিবাহিত কৰিছে।
লক্ষণীয়ভাৱে মহকুমাটোত এটা বিয়াগোম জনস্বাস্থ্য কাৰিকৰী বিভাগ আছে যদিও দুশতকৈ অধিক পানী যোগান আঁচনি অঞ্চলটোত বিকল হৈ আছে। হাগ্ৰামা মহিলাৰীৰ মডেল বিটিচি চৰকাৰ আৰু শাসকীয় বিজেপি চৰকাৰৰ মিত্ৰ জোঁটত থকাৰ পাছতো জনসাধাৰণৰ বাবে এটুপি বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ ক্ষেত্ৰত চৰকাৰ বিফল হৈছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে৷