ডিজিটেল ডেক্স |লিডুঃ দূৰ্গোৎসৱ উপলক্ষে বিদ্যালয় বন্ধ থকাৰ সময়ছোৱাত লিডুৰ শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ত সংঘটিত হয় চুৰি কাণ্ড৷ বিদ্যালয়ৰ চিলিঙেৰে চোৰে প্ৰৱেশ কৰি লণ্ড-ভণ্ড কৰিলে অফিচৰ বহু মুল্যৱান নথি পত্ৰ৷

দূৰ্গা পূজাৰ বন্ধৰ পাছত আজি বিদ্যালয় খোলাৰ পাছতে হে এই সমষ্ট ঘটনা পোহৰলৈ আহে৷ বিদ্যালয়ৰ সা-সম্পতিৰ কোনো ধৰনৰ ক্ষতি হোৱা নাই যদিওঁ বহুটো মূল্যৱান নথি পত্ৰ হেৰুৱাৰ আশংকা ব্যক্ত কৰিছে শিক্ষক শিক্ষয়ত্ৰী সকলে৷  

বৰ্তমান লিডু আৰক্ষী ঘটনাৰ মূল কাৰণ জানিবলৈ ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে৷