
মৰাণঃ কিতাপৰ সুবাসত এতিয়া বিচলিত নহয় মানুহৰ প্ৰাণ৷ তাৰেই প্ৰমাণ যেন ডিব্ৰুগড় জিলাৰ মৰাণৰ চুজা-চ’ফিয়া পুথিভৰাঁলটো৷ পাঠকৰ আদৰৰ অভাৱত ক্ৰমাৎ জহি খহি যোৱা এই পুথিভৰাঁলটোত এতিয়া কেৱল নিৰ্জনতাৰ পৰিৱেশে বিৰাজ কৰে৷
২০০৪ চনত মৰাণৰ কবি আৰু সাহিত্যিক চুজাউদ্দিন আহমেদে মৰাণ আৰক্ষী থানাৰ সন্মুখত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ নিজা বাসভৱনৰ প্ৰথম মহলাত নিৰ্মাণ কৰিছিল এই পুথিভৰাঁলটো৷ এটা সময়ত পঢ়ুৱৈৰ গুনগুননি আৰু গ্ৰন্থৰ সুবাসেৰে ভৰুণ হৈ পৰা পুথিভৰাঁলটোত এতিয়া জনশূণ্য পৰিৱেশ৷
কিতাপৰ বাবে নাই কোনো পঢ়ুৱৈ৷ আনহাতে অৱহেলাত জহি খহি গৈছে পুথিভৰাঁলটো৷ উল্লেখ্য যে, সদৌ অসম কবি সন্মিলনে মৰাণৰ বিশিষ্ট কবিগৰাকীৰ স্মৃতিত প্ৰতি বছৰে এটা বটাঁ প্ৰদানৰ ব্যৱস্থা কৰিছে৷ কিন্তু কবিগৰাকীৰ স্মৃতি তেতিয়াহে যুগমীয়া হ’ব, যেতিয়া কবিগৰাকীয়ে বহু কষ্টেৰে গঢ় দিয়া পুথিভৰাঁলটো পুনৰ সুন্দৰ কৰি তোলা হ’ব৷
তাৎপৰ্যপূৰ্ণ যে কিছু বছৰৰ পূৰ্বে মৰানৰ কেইজনমান জ্যেষ্ঠ ব্যক্তিক লৈ এখন ন্যাস সমিতি গঠন কৰিছিল যদিও বৰ্তমান সেই সমিতিখন নিস্ক্ৰিয় হৈ আছে৷ বৰ্তমান পুথিভৰাঁলটো প্ৰয়াত কবিগৰাকীৰ ভাগিন শিক্ষায়িত্ৰী চালিমা বেগমে নিজেই চোৱা চিতা দায়িত্ব বহন কৰিছে।