
তিনিচুকীয়াৰপৰা উজ্জ্বল চৌধুৰীঃ অৰুণাচল,নাগালেণ্ড, মিজোৰাম আদি ৰাজ্যসমূহৰ দৰে অসমতো আন্তঃৰাজ্যিক পাৰপত্ৰৰ, অৰ্থাৎ ইনাৰ লাইন পাৰমিট আৰু দ্বি-নাগৰিকত্ব প্ৰদানৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ধাৰাবাহিকভাৱে প্ৰতিবাদ অব্যাহত ৰখা পাছতো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিষয়টোত কোনো উচিত ব্যৱস্থা গ্ৰহণ নকৰাত পুনৰ ক্ষোভিত হৈ পৰিছে সংগঠনটো৷
বুধবাৰে সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিয়ে তিনিচুকীয়া চহৰত ১০ ঘন্টীয়া অনশন কাৰ্যসূচীৰ ৰুপায়নেৰে এক প্ৰতিবাদ সাব্যস্ত কৰে৷
সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সুৰজিৎ মৰাণ আৰু ভাৰপ্ৰাপ্ত সম্পাদক কাঞ্চন বৰাৰ নেতৃত্বত প্ৰায় ডেৰ শতাধিক নেতা-কৰ্মীয়ে পুৱা ৮ বজাৰপৰা সন্ধিয়া ৫ বজাৰ লৈকে তিনিচুকীয়া জিলা পুথিভঁৰালৰ সমীপৱৰ্তী এলেকাত এক অনশন কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰি অসমত অতি সোনকালে আন্তঃৰাজ্যিক পাৰ-পত্ৰৰ প্ৰৱৰ্তন তথা দ্বি-নাগৰিকত্ব প্ৰদান কৰিবলৈ তিনিচুকীয়া জিলা উপায়ুক্তৰ যোগেদি ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে৷
উল্লেখ্য যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জন্ম লগ্নৰেপৰা অসমত আন্তঃৰাজ্যিক পাৰ-পত্ৰৰ প্ৰৱৰ্তনৰ দাবীত বিভিন্ন সময়ত চৰকাৰক হেঁচা প্ৰয়োগ কৰি আহিছে যদিও চৰকাৰে বিষয়টোৰ ক্ষেত্ৰত আজিকোপতি কোনো গুৰুত্ব আৰোপ নকৰাক লৈ এনেদৰে ক্ষোভিত হৈ পৰা বুলি সংগঠনটোৱে জানিবলৈ দিছে৷
লগতে সংগঠনটোৰ ভাৰপ্ৰাপ্ত সম্পাদক কাঞ্চন বৰাই ৰাজ্যৰ ভুমিপুত্ৰ খিলঞ্জীয়াসকলৰ সৰ্বাংগীন উন্নয়নৰ প্ৰতি নজৰ ৰাখি শীঘ্ৰেই সংগঠনটোৰ দাবীসমূহ মানি ল'বৰ বাবে চৰকাৰক আহ্বান জনাইছে ৷
এতিয়া প্ৰশ্ন হয় সংগঠনটোৰ এনে ধাৰাৱাহিক প্ৰতিবাদে প্ৰকৃততে চৰকাৰৰ বৰমুৰীয়াসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'বনে সেয়া পৰৱৰ্তী সময়তহে লক্ষনীয় হ'ব৷